![]()
অজন্তা তালুকদাৰ
বোকাখাত : চলিত কডিদৰ দ্বিতীয় ঢৌত বোকাখাত মহকুমাত আজিৰ দিনটোত ৪২জন লোক কভিডত আক্ৰান্ত হৈছে। কভিডত মৃত্যুৰ সংখ্যা হ’লগৈ ১৩। আজিৰ দিনটোত বোকাখাতৰ চাহ বাগিচা অঞ্চলৰ ৩জন লোক আক্ৰান্ত হৈছে। বাগিচাৰ কভিড আক্ৰান্তক চাহ বাগিচাৰ কভিড পৰিচৰ্যা কেন্দ্ৰত ৰাখিছে। বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ১০ গৰাকী, হোম আচ’লেচনত আছে ২৯ গৰাকী। অৱশ্যে আজি হস্পিটেলখনত ১০ গৰাকী ভৰ্তি হোৱাৰ বিপৰীতে ৮ গৰাকী সুস্থ হৈ ঘৰলৈ উভতি গৈছে। এই পৰ্যন্ত মহকুমাটোত মুঠ কভিডাক্ৰান্তৰ সংখ্যা হ’লগৈ ১২২৪ জন।
কভিডৰ দ্বিতীয় লহৰত বোকাখাতৰ কভিড কেয়াৰ কেন্দ্ৰত আজিলৈকে ২৭৯জন ভৰ্তি হৈছিল আৰু হস্পিটেলখনৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি যোৱা মুঠ ৰোগীৰ সংখ্যা ১৯৬জন। আজিলৈকে বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড পৰিচৰ্যা কেন্দ্ৰত মুঠ ২৪২৫৩ জনৰ কভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰে ১২২৪ জনৰ পজিটিভ ধৰা পৰে। আজিলৈকে মহকুমাটোত মুঠ ১৫০০৬ জনক ভেকচিন প্ৰদান কৰা হৈছে। বোকাখাতৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি আজিলৈকে বোকাখাত মহকুমাত ৬০২ জনৰ দেহত কভিড পজিটিভ সক্ৰিয় হৈ আছে।













