![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শুক্ৰবাৰে অসম আৰক্ষীৰ ডিজিপি (বিশেষ) জিপি সিঙে যোৰহাট জিলাৰ মৰিয়নি ৰাজহ চক্ৰৰ অন্তৰ্গত দিচৈ সংৰক্ষিত বনাঞ্চলৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিবদামান গাঁওসমূহ পৰিদৰ্শন কৰে।
ডিজিপিগৰাকীয়ে জ্যেষ্ঠ আৰক্ষী তথা প্ৰশাসনিক বিষয়াসকলৰ সৈতে যোৱা বৃহস্পতিবাৰে নাগালেণ্ড পাহাৰৰ শীৰ্ষৰ পৰা দুৰ্বৃত্তই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু অন্যান্যসকলৰ ওপৰত গুলীচালনা কৰা পৰিস্থিতিৰ বুজ লয়।
আনহাতে, সংবাদ মাধ্যমৰ আগত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে তেওঁ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ পৰা লিখিত আশ্বাস দাবী কৰে আৰু অতি সোনকালে অসম ভূমিত নিৰ্মাণ কৰি থকা অবৈধ ঘৰসমূহ ভাঙি পেলাবলৈ অনুৰোধ জনায়৷ ইয়াৰ অন্যথা অঞ্চলটোৰ লোকসকল সুস্থিৰে নাথাকে বুলিও বিধায়কগৰাকীয়ে লগতে কয়।
ইফালে বেদখলৰ কথা স্বীকাৰ কৰি ডিজিপি (বিশেষ) জিপি সিঙে৷ লগতে তেওঁ কয় যে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন, দুয়ো পক্ষৰ উপায়ুক্তৰ সৈতে গুলীচালনাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু ঘটনাৰ প্ৰকৃত সত্য শীঘ্ৰেই পোহৰলৈ আহিব।












