![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনাত আক্রান্ত হৈ অসমত দ্বিতীয়জন বিধায়কৰ মৃত্যু। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কভিডত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত তামোলপুৰ নৱনিৰ্বাচিত বিধায়ক লোহোৰাম বড়ো শেষ নিশ্বাস ত্যাগ।
ইউপিপিএলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। কভিড আক্রান্ত বড়ো শুকুৰবাৰৰ পৰা স্বাস্থ্য অৱনতি ঘটিছিল। আইচিইউত ভৰ্তি হৈ থকা বিধায়কগৰাকীৰ শনিবাৰে পুৱা ৯.০৫ বজাত মৃত্যুৰ হোৱা কথা ঘোষণা কৰে চিকিৎসা লয় কৰ্তৃপক্ষই।
আনহাতে নৱনির্বাচিত বিধায়কগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী ইউ জি ব্ৰহ্ম, অশোক সিংঘালক বিধায়কগৰাকীৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ হৈ শেষ শ্ৰদ্ধা জনাবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে প্ৰয়াত বিধায়কগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।













