![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত গুৰুত্বভাৱে অসুস্থ। গুৱাহাটী ডাউন-টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে মহন্তক। শ্বাস-প্ৰশ্বাসজনীত সমস্যা বাবে শুকুৰবাৰে ভৰ্তি কৰা হয় মহন্তক। বৰ্তমান চিকিৎসালয়তে আছে মহন্ত। জ্যেষ্ঠ চিকিৎসকৰ এটা দলে নিৰীক্ষণ কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।
উল্লেখ যে শেহতীয়াভাৱে যোৱা কেইবামাহ ধৰি শৰীৰকভাৱে অসুস্থ হৈ আছে মুখ্যমন্ত্ৰী মহন্ত। আনকি শাৰীৰিক অসুস্থতা বাবে যোৱা বিধানসভা নির্বাচনত দলে মহন্ত প্ৰদান কৰা নাছিল প্ৰাৰ্থীত্ব। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা নির্বাচনত দলৰ হৈয়ো কোনো প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা নাছিল শাৰীৰিক অসুস্থতা বাবে।













