![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা পৰিস্থিতি বাবে স্থগিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনুষ্ঠিত নকৰা পৰ্যন্ত ৰাজ্যত একাদশ শ্ৰেণী নামভৰ্তি স্থগিত ৰখাৰ নিৰ্দেশ শিক্ষা বিভাগৰ। মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলোকে মেট্ৰিকৰ ফলাফল ঘোষণা নোহোৱালৈ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ নকৰিব আহ্বান শিক্ষা বিভাগৰ। শনিবাৰে এক নিৰ্দেশনাৰ জৰিয়তে প্ৰকাশ।
উল্লেখ যে কভিড পৰিস্থিতি বাবে ৰাজ্যত স্থগিত হৈ আছে মেট্ৰিক পৰীক্ষা। পৰিৱেশ সুস্থ অৱস্থালৈ ঘূৰি আহিলে শীঘ্ৰে ছেৱাই অনুষ্ঠিত কৰিব পৰীক্ষা। ইতিমধ্যে পৰীক্ষাৰ অনুষ্ঠিত কৰা বাবে ছেৱা কৰ্তৃপক্ষ সাজু হৈ থকা বুলি ঘোষণা কৰিছে।













