![]()
নলবাৰীৰ প্ৰতিবেদক
নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সভাগৃহত ৩০ মে’ত অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা অসম সাহিত্য সভাৰ কামৰূপ মহানগৰ সমিতিৰ প্ৰাক্তন সম্পাদক কাব্যপ্ৰৱৰ কৰুণাকান্ত বৰ্মনৰ এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। নলবাৰী জিলা কবি সন্মিলনৰ উদ্যোগত আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত তথা নলবাৰী জিলা কবি সন্মিলনৰ সম্পাদক দ্বীপেন মেনাই আঁত ধৰা এই অনুষ্ঠানত নলবাৰী জিলা কবি সন্মিলনৰ সভাপতি ভুৱনেশ্বৰ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি গণেশ বৰ্মনে বিশিষ্ট সাহিত্য সংগঠক, কবি কৰুণাকান্ত বৰ্মনৰ প্ৰতিচ্ছবিৰ সন্মুখত একোগছিকৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ পাছতে, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি তপন কুমাৰ শৰ্মা, পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক ৰাজেন বৈশ্য, সহকাৰী সম্পাদক জোন কুমাৰ হালৈ, কবি ৰাজীৱ দত্ত, নিজৰা ডেকা, প্ৰাক্তন ছাত্ৰনেতা এম হাছান আলী, আদি বহুলোকে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
স্মৰ্তব্য যে চামতাৰ খাটা-ৰূপীয়াবাথান কুলবিলৰ সন্তান তথা গুৱাহাটীৰ ভেটাপাৰা নিৱাসী অৱসৰী কনিষ্ঠ অভিযন্তা, কবি বৰ্মন কিছুদিন পূৰ্বৰে পৰা কোভিড-১৯–অত আক্ৰান্ত হৈ উন্নত চিকিৎসা গ্ৰহণ কৰি আছিল। পাছত, ২২ মে’ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে ৬৪ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটাত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে।













