![]()
পাশবিক বুলিলেও বোধহয় কম হ’ব। কৰোনা আক্রান্ত ৰোগীক ৰাস্তাত গণধর্ষণৰ অভিযোগ উঠিল চৰাইদেউ জিলাত। তাকো আকৌ নিজ কন্যাৰ সন্মুখতে। জানিব পৰা মতে, যোৱা ২৭ মে’ত চাহ বাগানৰ কর্মী উক্ত মহিলাগৰাকীক ৰাস্তাত আগচি ধৰি দুই ব্যক্তিয়ে কাষৰ চাহ বাগানৰ ভিতৰলৈ জোৰপূৰ্বক টানি লৈ যায়। তাতেই মহিলাগৰাকীক গণধর্ষণৰ অভিযোগ উঠিছে। হস্পিটেলৰ পৰা কৰোনা নেগেটিভ ৰিপোর্ট লৈ ঘৰলৈ উভতিছিল মাতৃ-কন্যা। অৱশ্যে, উক্ত জঘন্য কাণ্ডৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে জীয়ৰীগৰাকী৷ ঘটনাৰ দুদিন পিছত আৰক্ষীৰ ওচৰত অভিযোগ জনায় নিগৃহীতাই। মহিলাগৰাকীৰ জীয়ৰীয়ে প্ৰকাশ কৰা মতে, ‘আমাৰ পৰিয়ালৰ প্রত্যেকে কৰোনা ভাইৰাছত আক্রান্ত হৈছিল। আইছলেচনত আছিলো সকলোৱেই। ইয়াৰ পিছত মা-দেউতাৰ শৰীৰ অৱস্থা বেয়া হোৱাত হস্পিটেলত ভর্তি কৰোৱা হয়। কিছুদিন পিছত ময়ো হস্পিটেলত ভর্তি হওঁ ৷’
ইয়াৰ পিছত পৰীক্ষাৰ ফল নেগেটিভ অহাত তেওঁলোকক হস্পিটেলৰ পৰা ঘৰলৈ যাবলৈ কোৱা হয় বুলি প্ৰকাশ কৰে কিশোৰাগৰাকীয়ে। কিন্তু কিশোৰীগৰাকীৰ অভিযোগ, ঘৰলৈ উভতাৰ বাবে সোণাৰি স্বাস্থ্য কেন্দ্ৰ পৰা কোনো এম্বুলেন্স নিদিয়ে। অনুৰোধ কৰা সত্ত্বেও হস্পিটেলৰ কোনেও নুশুনে। আনকি ৰাতিটো হস্পিটেলত কটোৱাৰ অনুৰোধো নাৰাখে। উপায়হীন হৈ তেওঁলোক খোজকাঢ়িয়ে ঘৰলৈ বুলি ৰাওনা হয়।
কিশোৰীগৰাকীয়ে জনোৱা মতে, ‘কিছু সময় পিছতেই দুজন ব্যক্তিয়ে আমাৰ পিছ লয়।’ আৰক্ষীয়ে জনোৱা মতে, নিগৃহীতাৰ জীয়ৰীয়ে তাৰ পৰা পলাই আহি গাঁৱত খবৰ দিয়ে। হস্পিটেলৰ পৰা গাঁৱৰ দূৰত্ব প্রায় ২৫ কিলোমিটাৰ। প্রায় দুঘণ্টা পিছত মহিলাগৰাকীক বিচাৰি পোৱা যায়। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ হৈছে। মহিলাগৰাকীৰ মেডিকেল পৰীক্ষাও কৰোৱা হৈছে।
উল্লেখ্য, অসম চৰকাৰৰ তৰফৰ পৰা কোভিড নেগেটিভ ৰোগীসকলক ঘৰলৈ উভতাৰ বাবে এম্বুলেন্স দিয়াটো বাধ্যতামূলক ঘোষণা কৰা হৈছে। তাৰ পিছতো হস্পিটেল কৰ্তৃপক্ষই এই নির্দেশ কিয় মনা নাই তাক লৈও প্রশ্ন উঠিছে। ইতিমধ্যে মন্ত্ৰী সঞ্জয় কিষাণে এই সন্দৰ্ভত হস্পিটেল কৰ্তৃপক্ষৰ পৰা উত্তৰ বিচাৰিছে৷













