![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কাৰাগাৰৰ বন্ধ কোঠৰীৰ পৰাই ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কৰ্মযজ্ঞ আৰম্ভ কৰিছে বিধায়ক অখিল গগৈয়ে। বিধায়কৰ ক্ষমতাপূৰ্ণ বিকেন্দ্ৰীকৰণৰ জৰিয়তে সমষ্টিবাসীৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰ কৰি সমষ্টিৰ উন্নয়নত ব্ৰতী বিধায়ক গগৈ। কাৰাবন্দী বিধায়ক গৰাকীয়ে কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টি উজ্বলাই তোলাৰ প্ৰথম প্ৰয়াস ৩খন সমিতিয়ে পৰিচালনা কৰিব সমষ্টি উন্নয়ন। গণতান্ত্ৰিক-বিজ্ঞানসন্মত পদ্ধতিৰে সমষ্টিবাসীৰ হাতত অৰ্পণ কৰিছে বিধায়ক গগৈয়ে ক্ষমতা। মঙলবাৰে সংবাদ মেলযোগে এই কথা জনালে ৰাইজৰ দলে। সমষ্টি উন্নয়নৰ বাবে বিধায়কগৰাকীয়ে গঠন কৰা সমিতি তিনিখন হৈছে- সমষ্টি পৰিচালনা সমিতি, সমস্যা চিনাক্তকৰণ সমিতি আৰু পৰ্যটন উন্নয়ন উপদেষ্টা সমিতি।
উল্লেখ্য প্ৰতিখন সমিতিৰ নিৰ্দিষ্ট পৰিচালনা নীতি নিৰ্ধাৰণ কৰা হৈছে। সেই মতে সমষ্টিৰ পৰিচালনা সমিতিৰ কাম হ’ব বিধায়কগৰাকীক সমষ্টি উন্নয়নৰ সকলো দিশত সহায়-সহযোগ, দিশ নিৰ্ণয় আৰু পৰামৰ্শ প্ৰদান কৰিব। একেদৰে সমষ্টি পৰিচালনা সমিতি কাম হ’ব বিধায়কগৰাকীৰ দৈনিক কাম-কাজৰ তদাৰক কৰিব। সমিতিৰ সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে বিধায়কে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব।
ইফালে, পৰ্যটন উন্নয়ন উপদেষ্টা সমিতি কাম শিৱসাগৰক পৰ্যটন নগৰীৰূপে গঢ়ি তুলিবলৈ সামগ্ৰীক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা। এই সমিতিয়ে চলিত বৰ্ষৰ ১জুলাই ভিতৰত প্ৰতিবেদন দিব লাগিব। সমিতিখনৰ অধ্যক্ষ দুৰ্লভ বৰা।
সমষ্টি পৰিচালনা সমিতিৰ অধ্যক্ষ মুনিন্দ্ৰ লাহন, উপাধ্যক্ষ নৱাব জহিদুল হক, সম্পাদক প্ৰাঞ্জল প্ৰতিম খনিকৰ, সমন্বয়ক অনুজ গগৈ, চৈয়দ ৱাহিদ হুছেইন সমিতিখনত প্ৰতি পঞ্চায়ত-পৌৰসভাৰ পৰা এজনকৈ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হৈছে।
একেদৰে সমষ্টি সমস্যা চিনাক্তকৰণ সমিতি অধ্যক্ষ মাখন চন্দ্ৰ গগৈ, উপাধ্যক্ষ অনুপ বৰপাত্ৰ গোহাঁই, সম্পাদক মজিদ আলি, সমন্বয়ক পল্লৱী গগৈ, মুনমী দত্ত, বদৰুদ্দিন আহমেদ, মনজিৎ দাস, দুলাল দাস, দীপাংকৰ কোঁৱৰ। গুৰুত্বপূৰ্ণ কথা সমিতিখনত সমষ্টিৰ সকলো পঞ্চায়ত আৰু পৌৰসভাক প্ৰতিনিধিত্ব কৰাকৈ মুঠ ৮৭ গৰাকী সদস্য ৰখা হৈছে।
ৰাইজৰ দলৰ মঠঘৰীয়া কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত কাৰ্যকৰী সভাপতি ভাস্ক-ডি শইকীয়াই কয়- সমিতিৰ কাৰ্যকাল হ’ব একবছৰ। সমিতিৰ কোনো সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থাকিলে, অভিযোগৰ প্ৰমাণ পালে তেওঁক দায়িত্ব পৰা অব্যাহতি দিয়া হ’ব।
তাপৰ্যপূৰ্ণ কথা কাৰাবন্দী বিধায়ক গগৈৰ মুক্তি লাভ কৰিলেও সমিতি তিনিখনে কাৰ্যনিৰ্বাহ কৰি থাকিব। ৰাইজৰ দলৰ ভৱিষ্যতৰ সকলো নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বিকেন্দ্ৰীকৰণৰ জৰিয়তে ক্ষমতাৰ হস্তান্তৰকৰণ কৰিব লাগিব বুলি কাৰ্যকৰী সভাপতিগৰাকীয়ে ঘোষণা কৰে।













