![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ফুলতলিৰ কভিড চিকিৎসালয়ৰ চিকিৎসকক একাংশ উদণ্ড লোকে প্ৰহাৰ। লংকাৰ পিপল পুখুৰীৰ গিয়াজউদ্দিন নামৰ এগৰাকী ক’ভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হয় অবাঞ্চিত ঘটনাটো। গিয়াজউদ্দিন নামৰ লোকজনক আজি পুৱাৰ ভাগত সংকটজনক অৱস্থাত ক’ভিড চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল যদিও কিছু সময়ৰ পাছত ৰোগীজনৰ মৃত্যু হৈছিল আৰু তাৰ পাছতেই ৰোগীজনৰ পৰিয়ালৰ সদস্য আৰু একাংশ উত্তেজিত ৰাইজে কৰ্তব্যৰত চিকিৎসকজনক প্ৰহাৰ কৰে। ইতিমধ্যে হোজাই আৰক্ষী-প্ৰশাসন উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চিকিৎসকজনক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হৈছে।












