![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কভিড পৰিস্থিতিত চিবিএছচিয়ে দশম-দ্বাদশ শ্রেণী পৰীক্ষা বাতিল কৰাৰ পিছত চিন্তাত পৰিছে ৰাজ্য শিক্ষা বিভাগ। কভিড পৰিৱেশ সুস্থ হৈ উঠিলে পৰীক্ষা আয়োজন কৰাৰ বাবে সাজু হৈ থকা শিক্ষা বিভাগে কি প্ৰদক্ষেপ গ্ৰহণ কৰিব বৰ্তমানো ল’ব পৰা নাই চূড়ান্ত সিদ্ধান্ত। তাৰ মাজতে চিবিএছচিয়ে পৰীক্ষা বাতিল কৰি চিন্তা অধিক বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত কয়- ‘ছাত্ৰ-ছাত্ৰীৰ ক্ষতি নোহোৱা কৈ ব্যৱহাৰিক কথা চিন্তা কৰিব লাগিব। প্ৰত্যক্ষ বা পৰোক্ষভাৱে শৈক্ষিক বৰ্ষ ক্ষতি নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰ বাবে চিবিএছচিৰ নিৰ্দেশলৈ অপেক্ষা কৰিব লাগিব’।
“পূৰ্ব বছৰত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ হাতত চাৰ্টিফিকেট-মাৰ্ক থাকিব। কিন্তু নতুন ছাত্ৰ-ছাত্ৰীৰ হাতত কি থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- মেডিকেলৰ-ইঞ্জিনীয়াৰিং পৰা আৰম্ভ কৰি অন্য সৰ্বভাৰতীয় পৰীক্ষা অৱৰ্তীন হ’বলৈ কাট অফ প্ৰয়োজন নহয় বুলি চিবিএছচিয়ে ঘোষণা কৰিলে পৰীক্ষা নপতাকৈ পাৰিম। অন্যথা আমি পাতিব লাগিব। কাৰণ যোৱা বৰ্ষৰ পৰীক্ষা আয়োজন কৰিব পৰা নাছিলোঁ।
চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কথা চিন্তা কৰি অভিভাৱকৰ দৰে সিদ্ধান্ত ল’ব লাগিব। চিবিএছচিৰ গাইড লাইনখন ওলালে অসম চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব- শৰ্মাই কয়।
ইফালে, অসমৰ ছাত্ৰ সংগঠন, শিক্ষাবিদৰে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে আলোচনা কৰি চিবিএছচিৰ গাইড লাইন ওলোৱা পিছত পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
উল্লেখ যে, চিবিএছচিয়ে ইতিমধ্যে বাতিল কৰিছে দশম আৰু দ্বাদশ শ্রেণী পৰীক্ষা। মূল্যায়কণ কিদৰে কৰা হ’ব তাৰ কথা শীঘ্ৰে ঘোষণা কৰিব বুলি চিবিএছচিয়ে।













