![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা প্ৰতিৰোধৰ বাবে ঘোষিত কাৰ্ফিউ ভংগকাৰী বিজেপি কৰ্মীক বাধা প্ৰদান কৰি অসম আৰক্ষীৰ পৰা নিলম্বিত হ’ল গীতানগৰ থানা আৰক্ষী উপ-পৰিদৰ্শক ফুলেশ্বৰ কোঁৱৰ। কাৰ্ফিউ চলি থকা সময়ত চাইকেল চলাই ঘূৰি ফুৰা বিজেপি কৰ্মীক এছআইগৰাকীৰ নেতৃত্বত কৰ্তব্যৰত অৰ্ধসামৰিক বাহিনীয়ে বাধা প্ৰদান কৰাৰ বাবে চাকৰিৰ পৰা নিলম্বন হ’ব লগা হ’ল জ্যেষ্ঠ উপ-পৰিদৰ্শকগৰাকী। উল্লেখ যে, যি সময়ত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কভিড প্ৰটকল ভংগকাৰী বিৰুদ্ধে কঠোৰ হোৱা নিৰ্দেশ দিছিল তেনে সময়ত প্ৰটকল ভংগকাৰীক বাধা প্ৰদান কৰি চাকৰি পৰা নিলম্বিত হ’ব লগা কাৰ্যই আৰক্ষীৰ বিষয়া-জোঁৱানৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
নিলম্বিত উপ-আৰক্ষী পৰিদৰ্শক কোঁৱৰে প্ৰকাশ কৰা অনুসৰি- ২৮ মে’ সন্ধিয়া প্ৰায় ৮বজাত কাৰ্ফিউ চলি আছে। কাৰ্ফিউ সফল কৰাৰ বাবে জু-তিনিআলিত আৰক্ষীয়ে কৰ্তব্য পালন কৰিছে। তেনে সময়ত এজন ব্যক্তি চাইকেল চলাই ঘূৰি ফুৰিছিল। আৰক্ষীৰ সৈতে থকা চিআৰপিএফে ব্যক্তিজনক ৰখাই আৰু ব্যক্তিজনে চিআৰপিএফৰ সৈতে নিজকে বিজেপি কৰ্মী বুলি পৰিচয়েৰে তৰ্কত লিপ্ত হয়। তেনে সময়ত চিআৰপিএফে চাইকেল আৰোহী গৰাকীক প্ৰহাৰ কৰে। কিন্তু প্ৰহাৰৰ সময়ত অ’চি ছাৰৰ নিৰ্দেশমৰ্মে দিছপুৰ দিশৰ গাড়ীসমূহ তালাচী চলাই আছিলোঁ। তেনে সময়ত কৰ্তব্যত নিয়োজিত হোমগাৰ্ড এজনে দৌৰি গৈ খবৰ দিয়ে চিআৰপিএফৰ লগত তৰ্ক হোৱা কথা। কনিষ্টবল সঞ্জীত সিং আৰু মই দৌৰি আহিলোঁ তিনিটা মান কোব আৰোহী গৰাকীক মৰা দেখিছোঁ। কি হ’ল কি হ’ল বুলি আহি সুধিলোঁ চিআৰপিএফৰ জোঁৱান কেইজনে বিজেপিৰ পৰিচয় দি বেয়া ব্যৱহাৰ কৰা বুলি কয়। মই মানুহজনক চিনি পালোঁ প্ৰবীণ বৈশ্য। পলম নকৰি ১১২ খবৰ কৰি অ’চি ছাৰৰ ওচৰলৈ মানুহজন পঠাই দিয়ো। মই ডিউটি কৰি থাকোঁ। ৰাতি ৯.৪০ মান বজাত থানাত আহোঁ অ’চি ছাৰ নাছিল। থানাত থকা হোমগাৰ্ড কমলক সোধো মানুহ জন গ’ল নেকি! কিবা কেচ ল’লে নেকি ? বুজাবুজি মাধ্যমেৰে ছাৰ আগত ভুল স্বীকাৰ কৰিলে, কোনো অভিযোগ নাই বুলি কোৱাত কেচ নল’লে। ১০ বজাত মই ঘৰত গুচি আহিলোঁ। ভাত-পানী খাই ১১.৩০ বজাত অ’চি ছাৰে ফোন কৰিলে মোক থানালৈ মাতিলে এডিচিপি তামুলী ছাৰ আছিল মই গ’লো। কথাখিনি সুধিলে ক’লো। মই মৰাও নাই, ধৰাও নাই কেৱল দেখা পাই গাড়ীত থানালৈ পঠাই দিছিলোঁ। ছাৰ গুচি গ’ল।

ইফালে, পিছদিনা ছাৰে আকৌ ডিচিপি ছাৰে কিবা কথা পাতিব বুলি তাৰ লৈ পঠাই দিয়ে। ডিচিপি ছাৰক সাক্ষাৎ কৰিবলৈ উলুবাৰীলৈ যাওঁ। ছাৰকো কথাখিনি ক’লো। তাৰ পৰা ওলাই থানালৈ আহিব লওঁতে অ’চি ছাৰে ফোন কৰি আকৌ ৰিজাৰ্ভ ডিচিপি ছাৰৰ ওচৰলৈ যাবলৈ কয়। বাহিৰে বাহিৰে তাৰলৈ যাওঁ। ৰিজাৰ্ভত ছাৰক নাপালোঁ। আৰ’অয়ে ছাৰ ওলাই যোৱা বুলি ক’লে, অলপ বহিব দিলে আৰু মোক ক’লে আপোনাক নিলম্বিত কৰা হৈছে কপি এটা লৈ যাওঁক। কি কাৰণত, ভুল শুদ্ধ কোনো বিচাৰ নাই এটা তদন্তৰ নাই ঘপকৈ নিলম্বন কৰিলে যে বুলি প্ৰশ্ন কৰো, তেওঁ কয় মইনো কি কম যি নিৰ্দেশ দিছে সেইমতে মই আপোনাক অৰ্ডাৰটো দিলোঁ বুলি কয়’- এইদৰে বৰ্ণনা কৰে এছ আই কোঁৱৰে।
গুৰুত্বপূৰ্ণ কথা যে মহানগৰীৰ গীতানগৰ থানা নিলম্বিত এছআইগৰাকী চাকৰিৰ পৰা অৱসৰ বাবে ২ বছৰ ১০ মাহ আছিল। চাকৰি কাৰ্যকালত কোনো দিনে বেয়া ৰেকৰ্ড নাই বুলিও তেওঁ কয়।













