নিউজ ডেস্কঃ
২৬ মে’ৰ চন্দ্রগ্রহণৰ পিছত মাত্র ১৪ দিনৰ ব্যৱধানত অহা ১০ জুনত হ’ব সূর্যগ্রহণ। এই সময়ত চন্দ্ৰ সূর্য আৰু পৃথিৱীৰ মাজত অৱস্থান গ্ৰহণ কৰিব। ফলত সূর্যৰ প্রায় ৯৪.৩ শতাংশ ঢাক খাই পৰিব। তেতিয়া কেৱল এটা বলয় দেখা যাব, যাক ‘ৰিং অব ফায়াৰ’ বুলি কয়। কিন্তু অহা বৃহস্পতিবাৰৰ এই সূর্যগ্রহণ ভাৰতৰ পৰা তেনেদৰে দেখা নাযাব বুলি জনাইছে জ্যোতির্বিজ্ঞানীসকলে। আনহাতে, চলিত বছৰৰেই ৪ ডিচেম্বৰত পূর্ণগ্রাস সূর্যগ্রহণ হ’ব। অৱশ্যে সেয়াও ভাৰতৰ পৰা দেখা পোৱা নাযাব।
অহা ১০ জুনৰ সূর্যগ্রহণ কানাডা আৰু আমেৰিকাৰ উত্তৰ-পূব অংশ, গ্রিনলেণ্ড আৰু উত্তৰ মেৰুৰ পৰা ভালদৰে দেখা যাব। ৰাছিয়াৰ ছাইবেৰিয়াৰ পৰাও দৃষ্টিগোচৰ হ’ব ‘ৰিং অব ফায়াৰ’। লগতে ইউৰোপ আৰু এচিয়াৰ উত্তৰাংশ আৰু কুমেৰুৰ উত্তৰাংশৰ পৰা আংশিকভাবে গ্রহণ দেখা যাব। ভাৰতীয় সময় দুপৰীয়া ১টা ৪২ মিনিটত আৰম্ভ হ’ব গ্রহণ। শেষ হ’ব সন্ধ্যা ৬টা ৪১ মিনিটত। ইয়াৰ মাজতে গ্রহণৰ চৰম গ্রাস দেখা যাব বিয়লি ৪টা ১১ মিনিটত।