![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গোলাঘাট ফৰকাটিংত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ । গোলাঘাট ফৰকাটিং ২নং ফাটোৱাল গাঁৱৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী চন্দন বৰুৱা । বহুদিনৰ পৰা ফৰকাটিং ২নং ফাটোৱাল গাৱঁত তথা বৃহত্তৰ ফৰকাটিং অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল চন্দন বৰুৱাই । ফৰকাটিং আৰক্ষীয়ে গোপন সূত্ৰৰ অনুসৰি চন্দন বৰুৱা বাসগৃহত তালাচী চলাই ১০ গ্ৰাম হেৰইনসহ গ্ৰপ্তাৰ কৰে ধৃত চন্দন বৰুৱাক। নিষিদ্ধ ড্ৰাগছসমূহ ঘৰৰ মূধচৰ মাজত লুকুৱাই থৈছিল চন্দনে । আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে ড্ৰাগছসমূহ।













