![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কালি বিয়লি বোকাজান আৰক্ষীয়ে অভিযান চলায় বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, বোকাজান আৰক্ষীৰ এটা দলে কালি বিয়লি সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী তথা বোকাজানৰ চিৰা মিলৰ সমীপৰ দুমুখীয়া নিবাসী বাবলু আহমেদৰ ঘৰত অভিযান চলায় ।
উক্ত অভিযানত অভিযানকাৰী আৰক্ষীৰ দলটোৱে বাবলু আহমেদৰ ঘৰত চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত প্ৰায় ১২ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী বাবলু আহমেদক গ্ৰেপ্তাৰ কৰাৰ লগতে বোকাজান থানাত ৮৮/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।













