নিউজ ডেস্কঃ
মানুহৰ জন্ম-মৃত্যু কাৰোৰে হাতত নাই বুলি কোৱা হয়। সাধাৰণতে দেখা যায় মানুহ সর্বাধিক ৮০ৰ পৰা ৯০ বছৰ জীয়াই থাকে। বা খুব বেছি হ’লে ১০০ বছৰ। কিন্তু এনে যদি হয় মানুহ ১৫০ বছৰ জীয়াই থাকে ! তেনেহ’লে কেনে হয় ? ভাবিলে আচৰিত লাগিলেও, এইবাৰ তেনে সম্ভৱনাই আহিবলৈ আগবাঢ়িছে। আমেৰিকান সাহিত্যিক মার্ক টোৱেনৰ বিখ্যাত উক্তি, ‘আমি যদি মাত্র ৮০ বছৰ বয়সত জন্মগ্রহণ কৰিব পাৰো আৰু লাহে লাহে ১৮ৰ দিশে আগুৱাই যাব পাৰো তেন্তে জীবন অসীম সুখী হ’ব।’ চিঙ্গাপুৰৰ এদল গৱেষকে এই দিশতেই গৱেষণা কৰিছে। দীর্ঘকাল কেনেদৰে বাচি থাকিব পৰা যায় তাক লৈ চলিছে গৱেষণা।
গৱেষকসকলে ৰক্তৰ কোষ গণনাত পৰিৱর্তন আৰু প্রতিদিনৰ মানৱ কার্যকাৰিতাক লৈ পর্যবেক্ষণ কৰিছিল। দৃষ্টি ৰাখিছিল আমেৰিকা যুক্তৰাষ্ট্র, ব্ৰিটেইন আৰু ৰাছিয়াৰ স্বাস্থ্য সম্পর্কিত তথ্যত। সেই তথ্য চাই তেওঁলোকে কৈছিল, ‘মানুহৰ জীৱন বৃদ্ধিত জটিল ব্যৱস্থাবোৰৰ মাজত সাধাৰণ সর্বজনীন বৈশিষ্ট্যবোৰ চোৱা হয়।’ সেই সন্ধান কৰিবলৈ গৈ তেওঁলোকে দেখে বয়স বাঢ়িলে ৰোগৰ প্রকোপ বাঢ়ে। এতিয়া দেহৰ ক্ষমতা ঘূৰাই আনিব পাৰে ৰক্তৰ কোষে। বয়স বাঢ়িলে ৰক্তৰ কোষৰ ক্ষমতা কমে। এইটো নির্ভৰ কৰিছে ৰক্তৰ স্থিতিস্থাপকতাৰ ওপৰত। কাৰণ সেইটো সম্পূৰ্ণ হ’লেই মানুহৰ মৃত্যু হয়। কোৱা হৈছে এই স্থিতিস্থাপকতা সঠিকভাবে হ্রাস পাবলৈ ১২০-১৫০ বছৰ সময় লাগে। ইয়াৰ কম-বেছিৰ ওপৰতেই জীৱনকাল বাঢ়ে-কমে। এইটোকেই কেনেদৰে ধৰি ৰখা যায় তাৰ ওপৰত কাম কৰিব গৱেষকসকলে। সেয়া হ’লেই মানুহৰ জীবনকাল বাঢ়ি ১২০-১৫০ বছৰ হৈ যাব। ৰক্তৰ স্থিতিস্থাপকতাৰ ওপৰত ৰোগ প্রতিৰোধ ক্ষমতা নির্ভৰ কৰে। সেইটোকেই যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ওপৰত কাম কৰিছে গৱেষকসকলে।