স্বাস্থ্য প্ৰতিবেদন:
আপুনি যদি ডায়েবেটিছ ৰোগী হয় আৰু ৰক্তত শর্কৰা (চুগাৰ) নিয়ন্ত্রণ কৰিব বিচাৰে তেন্তে প্রতিদিনে হালধি খাওক। হালধিয়ে চুগাৰ নিয়ন্ত্রণত সহায় কৰে। আহক জানি লওঁ ডায়েবেটিছ ৰোগীসকলে
কেনেদৰে হালধি খোৱা উচিত :
গৱেষণাত প্রকাশিত এটি নিবন্ধ অনুযায়ী ডায়েবেটিছত হালধি অতি উপকাৰী। হালধি খালে ডায়াবেটিছত দ্রুতভাবে আৰাম পোৱা যায়। হালধিত কার্কুমিন পোৱা যায় যি ডায়েবেটিছ নিয়ন্ত্রণত সহায়ক। ই গ্লিছেমিয়া হ্রাস কৰে। সেয়ে ডায়েবেটিছ ৰোগীসকলে প্রতিদিনে পুৱা কেঁচা হালধিযুক্ত গাখীৰ খোৱা উচিত।
আদা-গাখীৰ খাওক :
ক’ৰোনাৰ সময়ত আদাৰ গুৰুত্ব বাঢ়িছে। চিকিৎসকসকলে ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আদা, জলকীয়া, তুলসী পাত, হালধি ইত্যাদি জাতীয় বস্তুবোৰ খোৱাৰ পৰামর্শ দিয়ে। সেয়ে হালধি গাখীৰৰ লগত আদা মিহলাই প্রতিদিনে খোৱা উচিত।
জালুক গাখীৰ খাওক :
জালুকত মেঙ্গানিজ, তাম, কেলচিয়াম, ফছফৰাছ, আয়ৰন, পটাচিয়াম, ভিটামিন-চি, কে, বি ৬ আৰু ৰাইবোফ্লাভিন পোৱা যায় যি বিভিন্ন ধৰণৰ ৰোগত উপকাৰী। বিশেষকৈ স্থূলত্ব আৰু ডায়েবেটিছত জালুক কার্যকৰী হিচাপে প্রমাণিত হয়। সেয়ে জালুকৰ সৈতে হালধি মিহলাই খাওক।