স্বাস্থ্য প্ৰতিবেদন:
কল এবিধ স্বাস্থ্যকৰ ফল, যাৰ সোৱাদ সম্পূৰ্ণ বিশ্বজুৰি পৰিচিত। ই মূলত দক্ষিণ-পূব এছিয়াৰ অন্তর্গত, অৱশ্যে বৰ্তমান বিশ্বৰ বিভিন্ন অঞ্চলত জন্ম হয়। কল বিভিন্ন ৰং, দৈর্ঘ্য আৰু আকাৰত পোৱা যায়।
কলত কিমান পৰিমাণ আৰু কি পুষ্টি আছে :
এটি মজলীয়া আকাৰৰ কলত (প্রায় ১১৮ গ্রাম) নিম্নলিখিত পুষ্টি থাকিব পাৰে। যেনে
ভিটামিন বি ৬ – প্রতিদিনৰ প্রয়োজনৰ ৩৩ শতাংশ
ভিটামিন চি – প্রতিদিনৰ প্রয়োজনৰ ১১ শতাংশ
পটাচিয়াম – প্রতিদিনৰ প্রয়োজনৰ ৯ শতাংশ
মেগনেচিয়াম – প্রতিদিনৰ প্রয়োজনৰ ৮ শতাংশ
মেঙ্গানিজ – প্রতিদিনৰ প্রয়োজনৰ ১৪ শতাংশ
তাম – দৈনিক প্রয়োজনৰ ১০ শতাংশ
মুঠ কার্বছ – ২৪ গ্রাম
ফাইবাৰ – ৩.১ গ্রাম
প্রোটিন – ১.৩ গ্রাম
ফেট – ০.৪ গ্রাম
কেলোৰি – ১০৫ গ্রাম
কেঁচা কলত বেছিভাগ প্রতিৰোধী স্টার্চ আৰু সাধাৰণ স্টার্চ থাকে।কিন্তু ই পকি যোৱাৰ লগে লগে এই স্টার্চ চেনিত পৰিণত হয়।
কলৰ উপকাৰিতা :
পকা কলত পেকটিন নামৰ এবিধ ফাইবাৰ থাকে আৰু কেঁচা কলত প্রতিৰোধী স্টার্চ থাকে। উভয় ধৰণৰ কলে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণ কৰাত সহায় কৰে।
কল খোৱাটো হজম ব্যৱস্থাৰ বাবে উপকাৰী। ইয়াত ভাল পৰিমাণত পেকটিন আৰু প্রতিৰোধী স্টার্চ ফাইবাৰ আছে। প্রতিৰোধী স্টার্চ হ’ল বৃহত অন্ত্রত থকা স্বাস্থ্যকৰ বেক্টেৰিয়াৰ উৎস।
কলত প্রচুৰ পৰিমাণে পটাচিয়াম থাকে। যি হার্টৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূর্ণ। প্রাথমিকভাবে ই ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। ইয়াৰ উপৰি কলত প্রচুৰ পৰিমাণে মেগনেচিয়াম আছে আৰু এই খনিজটিয়ে হৃদৰোগৰ উন্নতি কৰে।