![]()
নিউজ ডেস্কঃ
কৰোনাৰ তৃতীয় ঢৌৰ পূৰ্বে টীকাকৰণৰ গতি বৃদ্ধি কৰিবলৈ টীকা সন্দৰ্ভত নতুন নির্দেশনা জাৰি কৰিছে কেন্দ্রীয় চৰকাৰে। ১৮ বছৰৰ ঊর্ধ্বত বিনামূল্যে টীকাৰ লগতে আর্থিকভাবে দুর্বল ব্যক্তিসকলৰ বাবে আনিছে নতুন প্রকল্প। এই প্রকল্পত বেচৰকাৰী হস্পিটেলৰ পৰাও টীকা ল’ব পাৰিব দুখীয়া ব্যক্তিসকলে। তাৰ বাবে দেখাব লাগিব এখন ই-ভাউচাৰ। এই প্রকল্পত জনোৱা হৈছে, সহৃদয় কোনো ব্যক্তিয়ে ই-ভাউচাৰ কিনি আর্থিকভাবে দুর্বলসকলৰ কাষত থিয় দিব পাৰিব এনেদৰে।
কেন্দ্রই জনাইছে, এই ই-ভাউচাৰৰ জৰিয়তে কোনো লোকৰ টীকাৰ খৰচ বহন কৰিব পাৰিব কোনো ক্ষমতাসম্পন্ন ব্যক্তিয়ে। নন-ট্রান্সফাৰেবল ইলেকট্রনিক ভাউচাৰ দিয়া হ’ব কেন্দ্রৰ পৰা। ইয়াৰ জৰিয়তে আর্থিকভাবে পিছ পৰা মানুহে যিকোনো বেচৰকাৰী হস্পিটেলতো টীকা ল’ব পাৰিব। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিবৃতিত জনোৱা হৈছে, সাধাৰণ আৰু দুখীয়া মানুহৰ কথা ভাবিয়েই ‘লোক কল্যাণ’ প্রকল্প আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে চৰকাৰে।
ইতিমধ্যে কাম আৰম্ভ হৈছে। ২১ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব এই প্রকল্প। চৰকাৰী কেন্দ্রৰ উপৰি বেচৰকাৰী কেন্দ্রৰ পৰাও দুখীয়া মানুহে যাতে টীকা পায় তাৰ বাবে এই প্রকল্প আৰম্ভ কৰা হৈছে। এই প্রকল্পত সহায়ৰ হাত আগবঢ়াব পাৰে ক্ষমতাসম্পন্ন ব্যক্তিসকলে।












