![]()
নিউজ ডেস্কঃ
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে নতুন টীকা নীতি। এই নতুন নীতিত কোভিড টীকা সন্দৰ্ভত ঘোষণা কৰা হৈছে কেইবাটাও নিৰ্দেশনা। উক্ত নিৰ্দেশনা অনুযায়ী বেচৰকাৰী হস্পিটেলৰ বাবেও টীকাৰ নির্দিষ্ট মূল্য বান্ধি দিছে কেন্দ্রই। সেই অনুযায়ী কোভিশিল্ডৰ এটি পালিৰ দাম ৭৮০ টকা, স্পুটনিক ভিৰ বাবে ১১৪৫ টকা আৰু কোভেক্সিনৰ বাবে ১৪১০ টকা দিব লাগিব। ইয়াৰ ভিতৰত যাৱতীয় কৰ আৰু হস্পিটেলৰ ছার্ভিচ চার্জ হিচাবে ১৫০ টকাও অন্তর্ভুক্ত কৰা আছে।












