![]()
নিউজ ডেস্কঃ
বেঙ্ক বা এটিএমৰ পৰা টকা উলিওৱাৰ নিয়মত বহুখিনি পৰিৱৰ্তন আনিলে দেশৰ সবাতোকৈ বৃহৎ ৰাষ্ট্ৰীয়কৃত বেঙ্ক ষ্টেট বেঙ্ক অব ইণ্ডিয়াই। ইয়াৰ উপৰি চেক বুকৰ দামতো কিছু পৰিবর্তন অনা হৈছে। অহা জুলাই মাহৰ পৰা মূলত সাধাৰণ সঞ্চয়ী আমানত (বিএছবিডি)ৰ ক্ষেত্রত আৰম্ভ হ’ব উক্ত নতুন নিয়ম।
সাধাৰণ সঞ্চয়ী আমানতক সহজ ভাষাত কোৱা হয় জিৰো বেলেন্স একাউন্ট। কম উপার্জনকাৰী মানুহে যাতে সহজতেই বেঙ্কত একাউন্ট খুলিব পাৰে, তাৰ বাবেই জিৰো বেলেন্স একাউন্টৰ সুবিধা লৈ আহিছে এছবিআইয়ে। একাউন্ট খোলাৰ লগতে এটিএম-ডেবিট কার্ড দিয়া হয়। এছবিআইয়ে জনাইছে, মাহত সর্বোচ্চ চাৰিবাৰ এটিএম আৰু বেঙ্কৰ পৰা নগদ ধন উলিয়ালে তাৰ বাবে কোনো টকা দিব নালাগে গ্রাহকসকলে। কিন্তু ৪ বাৰৰ বেছি হ’লে প্রত্যেক লেনদেনত ১৫ টকা (জিএছটি যুক্ত হ’ব) খৰচ কৰিব লাগিব একাউন্ট হোল্ডাৰসকলে।
আনহাতে, প্রত্যেক বছৰে ১০ পৃষ্ঠাৰ এটি চেক বহী বিনামূল্যে দিয়া হ’ব গ্রাহকসকলক। তাৰ পিছত ১০ পৃষ্ঠাৰ এটি চেক বুক কিনিব লাগিব ৪০ টকাকৈ। ২৫ পৃষ্ঠাৰ চেক বুকত দিব লাগিব ৭৫ টকা আৰু জৰুৰী ভিত্তিত কোনোৱে ১০ পৃষ্ঠাৰ চেক বুক কিনিব বিচাৰিলে, দিব লাগিব ৫০ টকা। সকলো ক্ষেত্রতেই যুক্ত হ’ব জিএছটি।












