স্বাস্থ্য প্ৰতিবেদন:
পালেং শাকৰ ৰস শৰীৰৰ বিষাক্ত পদার্থ বাহিৰ কৰাত সহায়ক। ইয়াৰ উপৰি কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলেও পালেং শাক উপকাৰী।
পালেং শাকত পর্যাপ্ত পৰিমাণে এন্টি-অক্সিডেন্টছ, আছে যিয়ে শৰীৰক সুস্থ ৰাখে। ইয়াত পর্যাপ্ত পৰিমাণে ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, মেগনেচিয়াম, মেঙ্গানিজ আৰু আয়ৰন আছে যিয়ে চকুৰ দৃষ্টি বৃদ্ধি কৰে, স্ট্রেছ হ্রাস কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত উপকাৰী।
পালেং শাকত মূলত প্রচুৰ পৰিমাণে কেলচিয়াম, ছডিয়াম, ক্লোৰিন, ফছফৰাছ, আয়ৰন, খনিজ লবণ, প্রোটিন, আয়ৰন, ভিটামিন এ আৰু ভিটামিন চি থাকে। পালেং শাকৰ ৰস খালে ভাইৰেল সংক্রমণৰ সম্ভাৱনা হ্রাস কৰিব পাৰি।
পালেং শাকৰ উপকাৰিতা :
১. প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে :
প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে পালেঙৰ ৰসেই এটি শ্ৰেষ্ঠ বিকল্প। ইয়াত থকা মেগনেচিয়ামে শৰীৰক শক্তি যোগানৰ কাম কৰে। ই আমাক বিভিন্ন ধৰণৰ ভাইৰেল সংক্রমণৰ পৰা ৰক্ষা কৰাত সহায়ক।
২. হজম অব্যাহত ৰাখে :
পালেং শাকত পোৱা উপাদানবোৰে শৰীৰৰ পৰা বেয়া পদার্থবোৰ অপসাৰণত সহায় কৰে। কেৱল সেয়াই নহয়, ই কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা মুক্তিলাভতো সহায় কৰে।
৩. হাড় শক্তিশালী হয় :
পালেং শাকত আছে কেলচিয়াম আৰু এন্টি-অক্সিডেন্ট বৈশিষ্ট্য, যিয়ে হাড়ক শক্তিশালী কৰাত সহায়ক।
৪. ওজন হ্রাসত সহায় কৰে :
স্থূলত্বৰ সমস্যা সম্পর্কে যদি আপুনি চিন্তিত থাকিবলগা হয় তেন্তে অৱশ্যেই ডায়েটত পালেং শাক অন্তর্ভুক্ত কৰক। ইয়াত উচ্চ ফাইবাৰ সামগ্রী আছে আৰু খুব কম কেলোৰি আছে, যি ওজন হ্রাস কৰাত সহায়ক।