![]()
নিউজ ডেস্কঃ
পুৰণি কালৰ ৰজা–মহাৰজাসকলৰ বাবে বহু বিবাহ তেনেই সাধাৰণ কথা আছিল। একোজন ৰজাৰ শতাধিক পৰ্যন্ত ৰাণী থকাৰ কাহিনীও শুনা গৈছিল। অৱশ্যে এই যুগতো বহু দেশত এতিয়াও বহু বিবাহ বৈধ। সেই বুলি ৩৭ নম্বৰ বিয়া!
হয়, সেইটোকে কৰি পেলালে এগৰাকী প্রৌঢ়ই। তাকো লুকাই-চুৰকৈ নহয়, সমগ্ৰ পৰিয়ালক সাক্ষী কৰি। সাক্ষীসকলৰ ভিতৰত আকৌ আছিল তেওঁৰ ২৮ গৰাকী পত্নী। ১৩৫ গৰাকী পুত্ৰ-জীয়ৰী আৰু ১২৬ গৰাকী নাতি–নাতিনী। সকলোৱে অতি আনন্দৰে চামিল হয় পৰিয়ালৰ মুৰব্বীগৰাকীৰ বিয়াত। বিয়াৰ পিছত আয়োজিত অভ্যৰ্থনা অনুষ্ঠানতো উপস্থিত থাকে সকলো৷ সেই ভিডিও এতিয়া ভাইৰেল। দেখি সকলোৰে চকু কপালত। দৰা-কইনাৰ পোছাক দেখি অনুমান হয় মধ্যপ্রাচ্যৰ কোনো দেশৰ হ’ব উক্ত ঘটনাটো।
উল্লেখ্য, ইয়াৰ আগত ব্যক্তিগৰাকীয়ে ৩৬ বাৰ বিয়া কৰাইছে। তেওঁলোকৰ ভিতৰত ২৮ গৰাকী পত্নী জীয়াই আছে। সকলোকে লৈ সুখৰ সংসাৰ বৃদ্ধৰ। কাৰো মাজত কাজিয়া-পেচাল নাই যেনে অনুমান হয়। সেয়ে পৰিয়ালৰ নতুন সদস্যক লৈও কাৰো আপত্তি নাই।
ভিডিওটো শ্বেয়াৰ কৰি আইপিএছ ৰুপিন শর্মাই লিখিছে, ‘সাহসী মানুহ। ২৮ গৰাকী পত্নী, ১৩৫ গৰাকী সন্তান আৰু ১২৬ গৰাকী নাতি–নাতিনীৰ সন্মুখত ৩৭সংখ্যক বিয়া কৰাইছে।’












