![]()
নিউজ ডেস্কঃ
কৰোনাৰ প্ৰভাৱ পৰিছে অর্থনীতিত। ৰাজ্যবোৰৰ ৰাজহতো ঘাটি দেখা দিছে। এই ৰাজহ ঘাটিৰ বাবদ ৰাজ্যবোৰক অনুদান দিলে কেন্দ্রই। ১৭ ৰাজ্যই লাভ কৰিলে ৯ হাজাৰ ৮৭১ কোটি টকাৰ অনুদান।
২০২১–২২ বিত্তীয় বছৰত কেৰালাৰ ঘাটি সকলোতকৈ বেছি, ৪,৯৭২ কোটি টকা। সেয়ে কেৰালাক সকলোতকৈ বেছি অনুদান দিয়া হৈছে। দ্বিতীয় স্থানত আছে পশ্চিমবঙ্গ। ৰাজ্যখনৰ ৰাজহ ঘাটিৰ পৰিমাণ আছিল ৪,৪০১ কোটি টকা। তৃতীয় স্থানত থকা অন্ধ্রপ্রদেশৰ ৰাজহ ঘাটি ৪,৩১৪ কোটি টকা।
তৃতীয় পৰ্য্যায়ত এই কিস্তিৰ অনুদান আবন্টন কৰা হ’ল। কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে বিবৃতি দি জনাইছে, তৃতীয় পৰ্যায়ৰ এই কিস্তিৰ অনুদান দিয়াৰ পিছত উক্ত খণ্ডত চলিত বিত্তীয় বৰ্ষৰ প্রথম তিনি মাহত মুঠ ২৯,৬১৩ কোটি টকা আবন্টন কৰা হ’ল। যিবোৰ ৰাজ্যই এই ৰাজহ ঘাটিৰ বাবদ অনুদান লাভ কৰিছে, তাৰ ভিতৰত আছে অন্ধ্রপ্রদেশ, অসম, পশ্চিমবঙ্গ, কেৰালা, হাৰিয়ানা, হিমাচল প্রদেশ, কর্ণাটক, পঞ্জাব, ৰাজস্থান, চিকিম, তামিলনাডু, ত্রিপুৰা, উত্তৰাখণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড।
সংবিধানৰ ২৭৫ ধাৰা অনুযায়ী এই অনুদান দিয়ে কেন্দ্রই। ৰাজ্যবোৰৰ ৰাজহ ঘাটি পৰীক্ষা কৰি চোৱাৰ পিছত এই অনুদান দিয়ে। বিত্ত আয়োগে মাহিলি কিস্তিত এই ঘাটি পূৰণৰ পৰামৰ্শ দিয়ে।












