নিউজ ডেস্কঃ
সমগ্র দেশৰ সন্মুখত দৃষ্টান্ত স্থাপন কৰিলে কেৰালা আৰু পশ্চিমবঙ্গই। আনহাতে, লজ্জাৰ পৰিসংখ্যা ঝাড়খণ্ডৰ। এই পৰিসংখ্যা আন একো নহয়, টীকা অপচয়ৰ। এই তালিকাতেই এক নম্বৰত আছে ঝাড়খণ্ড। সর্বাধিক ৩৩.৯৫ পালি টীকা অপচয় কৰিছে ৰাজ্যখনে। আনহাতে, সকলোতকৈ কম অপচয় কৰিছে কেৰালা আৰু বঙ্গই। ৰাজ্য দুখনৰ অপচয়ৰ হাৰ যথাক্রমে -৬.৩৭ আৰু -৫.৪৮ শতাংশ। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্রই।
টীকা সঞ্চয়ত কেৰালাতকৈও আগত বংগ। বঙ্গই ১.৬১ লাখ পালি বচোৱাৰ বিপৰীতে কেৰালাই বাচাইছে ১.১০ লক্ষ পালি।
উল্লেখ্য, ছত্তিশগড়ৰ অপচয় হৈছে ১৫.৭৯ শতাংশ পালি। আনহাতে, মধ্যপ্রদেশৰ অপচয় ৭.৩৫ শতাংশ। পঞ্জাব, দিল্লী, ৰাজস্থান, উত্তৰ প্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্রৰ অপচয়ৰ পৰিমাণ যথাক্রমে ৭.০৮, ৩.৯৫, ৩.৯১, ৩.৭৮, ৩.৬৩ আৰু ৩.৫৯ শতাংশ।
ইফালে টীকা অপচয় সন্দৰ্ভত ৰাজ্যবোৰক সাৱধান বাণী দি থৈছে কেন্দ্রই। অপচয় হ’লেই আবন্টন কমাই দিয়া হ’ব বুলি সতর্ক কৰা হৈছিল।