নিউজ ডেস্কঃ
কৰোনা ভাইৰাছৰ সংক্রমণ ৰুধিবলৈ অন্যতম হাতিয়াৰ মাস্ক। কিন্তু প্রাপ্তয়স্কসকলৰ বাবে বাধ্যতামূলক হ’লেও পাঁচ বছৰৰ তলৰ শিশুসকলে মাস্ক পিন্ধাৰ প্রয়োজন নাই। এই কথা জনালে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ডিৰেক্টৰেট জেনেৰেল অব হেলথ ছার্ভিছেছে (ডিজিএইচএছ)। লগতে এয়াও কোৱা হৈছে, ছয়ৰ পৰা ১১ বছৰ বয়সৰ শিশুসকলে মাস্ক পিন্ধিব পাৰে, কিন্তু সেয়া চিকিৎসক আৰু অভিভাৱকসকলৰ তত্ত্বাবধানত।
বৃহস্পতিবাৰে পুৱা সংবাদ সংস্থা এএনআই জনোৱা মতে, ডিজিএইচএছৰ গাইডলাইন অনুযায়ী পাঁচ বছৰৰ তলৰ শিশুসকলক মাস্ক নিপিন্ধাৰে পৰামৰ্শ দিয়া হৈছে। এই নতুন গাইডলাইনত ১৮ৰ তলৰ শিশুসকলৰ ওপৰত ৰেমডেচিভিৰ ড্রাগ প্রয়োগ নকৰাৰ পৰামর্শ দিয়া হৈছে। এইচআৰচিটি স্কেনো কৰিব লাগিব ভাবি-চিন্তি।