স্বাস্থ্য প্ৰতিবেদন:
সুস্থ দেহৰ বাবে শৰীৰত প্রতিটো অঙ্গই সুস্থ থকাটো বিচাৰে। শৰীৰত অত্যন্ত গুৰুত্বপূর্ণ অঙ্গ লিভাৰৰ স্বাস্থ্য সঠিক ৰাখিবলৈ যত্ন লোৱাটো অত্যন্ত জৰুৰী। লিভাৰৰ স্বাভাবিক কর্মক্ষমতা তেতিয়াহে নিশ্চিত কৰা যায়, যেতিয়া পৰিপাক তন্ত্র সচল আৰু পৰিষ্কাৰ থাকে। ঘৰুৱা কেইটামান উপায় অৱলম্বন কৰি লিভাৰ সুস্থ ৰাখিব পৰা যায়।
১. গ্রিন-টিৰ এন্টিঅক্সিডেন্ট আমাৰ শৰীৰৰ পৰা ফ্রি ৰেডিকেল টক্সিচিটি দূৰ কৰে আৰু লিভাৰ পৰিষ্কাৰ ৰখাত সহায় কৰে। প্রতিদিনে একৰ পৰা দুকাপ গ্রিন-টি খালে লিভাৰত জমা হৈ থকা টক্সিন দূৰ হৈ যায় আৰু শৰীৰৰ অঙ্গ-প্রত্যঙ্গবোৰে সঠিকভাবে কাম কৰিবলৈ সক্ষম হয়।
২. প্রতিদিনে পর্যাপ্ত পৰিমাণে পানী খাওক। সাধাৰণভাবে প্রতিদিনে ৮-১০ গিলাচ (২.৫-৩.৫ লিটাৰ) পানী খোৱা উচিত। অৱশ্যে স্বাস্থ্য, বয়স আৰু ওজন অনুযায়ী ই ভিন্ন হ’ব পাৰে। আমাৰ শৰীৰৰ প্রায় ৭০ শতাংশই হ’ল পানী। পানীয়ে শৰীৰৰ টক্সিন লিভাৰৰ চেকি বাহিৰ কৰাত সহায় কৰে।
শৰীৰত পানীৰ অভাৱ হ’লে লিভাৰত আৰু শৰীৰত টক্সিন জমা হৈ থাকে যিয়ে শৰীৰৰ অন্যান্য অঙ্গ-প্রত্যঙ্গেৰো ক্ষতি কৰে। সেয়ে লিভাৰৰ সুস্থতাত পর্যাপ্ত পানী খোৱাটো অনস্বীকার্য।
৩. নহৰুত আছে ছালফাৰৰ উপাদান, যিয়ে লিভাৰৰ এঞ্জাইমৰ কার্যকাৰিতা বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি নহৰুত আছে এলিচিন আৰু ছেলেনিয়াম যিয়ে লিভাৰ পৰিষ্কাৰৰ উপৰি লিভাৰৰ সুস্থতা নিশ্চিত কৰে। সেয়ে প্রতিদিনে অন্তত এক কোহ নহৰু খোৱাৰ অভ্যাস গঢ়ি তোলক।
৪. নেমুৰ সৈতে গৰম পানী, মৌ আৰু আদা দি খালে শৰীৰৰ মেদ কমাই লিভাৰৰ কার্যক্ষমতা বঢ়াই দিয়ে। বিশেষজ্ঞসকলৰ মতে, অন্যান্য খাদ্যৰ তুলনাত গৰম পানীত নেমুৰ ৰস মিহলাই খালে লিভাৰত বহু বেছি এনজাইম উৎপাদনত সহায় কৰে।
ইয়াৰ উপৰি ভিটামিন-চি ‘গ্লুটেথিয়ন’ নামৰ যি এনজাইম উৎপন্ন কৰে, সি লিভাৰৰ ক্ষতিকৰ টক্সিন দূৰ কৰি লিভাৰ সুস্থ ৰখাত সহায় কৰে। সেয়ে অন্যান্য পানীয়ৰ তুলনাত পুৱা টোপনিৰ পৰা উঠি এক গিলাচ গৰম নেমু পানী খোৱাৰ অভ্যাস গঢ়ি তোলক।