নিউজ ডেস্কঃ
তেওঁ লৈছে কোভিশিল্ডৰ দুটি টীকা। কিন্তু যিখন হাতত টীকা লৈছে সেই হাতখনত সৃষ্টি হৈছে চুম্বকীয় ক্ষেত্র। সেয়ে ষ্টীলৰ কৰচ, চামুচ, মুদ্ৰা সকলোৱেই লাগি ধৰে হাতখনত। সম্প্রতি এনে ধৰণৰে এক ‘আজৱ’ দাবী কৰিছে মহাৰাষ্ট্রৰ নাছিকৰ এজন ব্যক্তিয়ে। কেৱল দাবীয়ে নহয়, তেওঁৰ হাতত ষ্টীলৰ বিভিন্ন বস্তু ‘চুম্বকৰ আকৰ্ষণত’ লাগি ধৰাৰ এটি ভিডিও বিয়পি পৰিছে ছচিয়েল মিডিয়াত। যাক দেখি স্বাভাবিকতেই বিষয়টোৱে কৌতুহলৰ সৃষ্টি কৰিছে।
৭১ বছৰীয়া ব্যক্তিজনৰ নাম অৰবিন্দ সোনাৰ। তেওঁ নাছিকৰ শিৱাজী চক এলেকাৰ বাসিন্দা। ছচিয়েল মিডিয়াত বিয়পি পৰা ভিডিওটোত দেখা গৈছে অৰবিন্দৰ সোঁহাতত ষ্টীলৰ খন্তি, মুদ্ৰা লগাই দিয়াৰ পিছত লাগি ধৰি আছে। অৰবিন্দৰ দাবী, এই ঘটনাৰ দুদিন পূৰ্বে তেওঁ লৈছিল কোভিডৰ টীকা। এই ভিডিও শ্বেয়াৰ কৰি নেটিজেনসকলৰ একাংশই লিখিছে, ‘কোভিশিল্ড লোৱাৰ ফল।’
কিন্তু নাছিকৰ ব্যক্তিজনৰ দাবী সন্দৰ্ভত চেণ্টাৰ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনচনে (চিডিচি) জনাইছে, কোভিডৰ টীকা লৈ কোনো ব্যক্তিৰ শৰীৰত চুম্বক ক্ষেত্র সৃষ্টি হোৱাটো সম্ভৱ নহয়। অৱশ্যে এই বিষয়টি সন্দৰ্ভত জিলা স্বাস্থ্য বিষয়াই কোনো মন্তব্য কৰিব বিচৰা নাই। কিন্তু এই সম্পৰ্কত প্রেছ ইনফৰমেচন ব্যুৰোৱে (পিআইবি) এটি টুইট কৰিছে। তাত লিখা হৈছে, ‘টীকা লৈ চুম্বকীয় ক্ষেত্র সৃষ্টিৰ যি দাবী বিয়পি পৰিছে সেয়া সম্পূর্ণ ভিত্তিহীন।’