নিউজ ডেস্কঃ
খালী স্কুলঘৰত পঞ্চম শ্রেণীৰ এগৰাকী ছাত্রীক গণধর্ষণ কৰি সেই ঘটনাৰ ভিডিও ছচিয়েল মিডিয়াত বিয়পাই দিয়াৰ অভিযোগ উঠিছে এজন ব্যক্তি আৰু আঠ নাবালকৰ বিৰুদ্ধে। ঘটনাচক্রত যি নজনৰ বিৰুদ্ধে অভিযোগ উঠিছে তাৰে ভিতৰত ৫ জনেই ছাত্রীগৰাকীৰ আত্মীয়। ঘটনাটি ঘটিছে হাৰিয়ানাৰ ৰেৱাৰী জিলাত।
আৰক্ষীয়ে জনোৱা মতে, ছাত্রীগৰাকীয়ে ঘৰৰ সন্মুখত খেলি আছিল। সেই সময়তে অভিযুক্তসকলে অপহৰণ কৰি নিয়াৰ অভিযোগ উঠিছে। তাৰ পিছত অঞ্চলটোৰ এখন খালী স্কুললৈ নি গণধর্ষণ কৰে। অভিযুক্তসকলৰ মাজক এজনে সমগ্ৰ ঘটনাটিৰ ভিডিও কৰে। তাৰ পিছত সেইটো ৱাটছএপত ভাইৰেল কৰি দিয়ে। যোৱা ২৪ মে’ত ঘটনাটি ঘটে।
উক্ত ঘটনাৰ প্রায় ৩ সপ্তাহ পিছত ভিডিওটিৰ কথা জানিব পাৰি যোৱা ৯ জুনত আৰক্ষীক অভিযোগ দাখিল কৰে ছাত্রীগৰাকীৰ পিতৃ-মাতৃয়ে। তেওঁলোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত কেইটাক গ্রেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত কেইটাৰ ভিতৰত পাঁচটাৰ বয়স ১০-১২ বছৰৰ ভিতৰত।