নিউজ ডেস্কঃ
দেশত এতিয়া টীকাৰ অভাৱ, যাৰ ফলত বহু স্থানত স্থবিৰ হৈ ৰৈছে টীকাকৰণ কাৰ্যসূচী। অথচ চৰকাৰী ৰিপোর্টে দেখাইছে, মে’ মাহত প্রাপ্ত পালিৰ মাত্র ১৭ শতাংশ ব্যৱহাৰ কৰিছে দেশৰ বেচৰকাৰী হস্পিটেলবোৰে।
৪ জুনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রালয়ে জনাইছিল যে দেশজুৰি দিয়া হৈছে ৭.৪ কোটি পালি টীকা, তাৰ ভিতৰত বেচৰকাৰী হস্পিটেলবোৰৰ বাবে আবণ্টন হৈছিল ১.৮৫ কোটি। ভাৰতজুৰি এই মাহলৈ ১.২৯ কোটি টীকা সংগ্রহ কৰিছিল বেচৰকাৰী হস্পিটেলবোৰে। তাৰে ভিতৰত ব্যৱহাৰ হৈছে মাত্র ২২ লাখ।
অনুমান কৰা হৈছে যে চৰকাৰী হস্পিটেলৰ তুলনাত মূল্য বহু বেছি হোৱাৰ কাৰণেই বেচৰকাৰী চিকিৎসা প্রতিষ্ঠানৰ পৰা বহুতে টীকা ল’বলৈ বিচৰা নাই। সেয়ে এনেদৰে অব্যৱহৃত হৈ ৰৈছে লক্ষ লক্ষ টীকাৰ পালি। কেন্দ্রৰ তৰফৰ পৰা বিবৃতিত কোৱা হৈছে, কিছু মিডিয়া ৰিপোর্টে কৈছে ২৫ শতাংশ পালি বেচৰকাৰী হস্পিটেলৰ বাবে আবণ্টন কৰা হৈছে। কিন্তু সঠিক পৰিসংখ্যা হ’ল ৭.৫ শতাংশ।
উল্লেখ্য, চলিত মাহৰ আৰম্ভণিতেই টীকাৰ মূল্য বান্ধি দিয়ে কেন্দ্রই। বেচৰকাৰী ক্ষেত্রত কোভিশিল্ডৰ মূল্য ৭৮০ টকা আৰু স্পুটনিক ভি টীকাৰ মূল্য ধৰা হৈছে ১১৪৫ টকা। ভাৰতত তৈয়াৰী আন এক টীকা কোভেক্সিনৰ মূল্য ৰখা হৈছে ১৪১০ টকা। ইয়াৰ সৈতে আছে কৰ আৰু হস্পিটেলৰ ছার্ভিচ চার্জ।