নিউজ ডেস্কঃ
পুনৰ বুকুত আশা জাগিছে কুলভূষণ যাদৱৰ পৰিয়ালৰ। আইনী যুঁজৰ ক্ষেত্রত বৃহৎ স্বস্তি লাভ কৰিলে পাক জে’লত বন্দী প্রাক্তন ভাৰতীয় নৌসেনা বিষয়া কুলভূষণ যাদৱে। পাকিস্তান হাইকোর্টত নিজৰ ফাঁচিৰ শাস্তিৰ বিৰুদ্ধে আপিল কৰিব পাৰিব তেওঁ। আন্তর্জাতিক ন্যায় বিচাৰ আদালতৰ ৰায়ক কার্যকৰী কৰিবলৈ পাক সংসদৰ নিম্নকক্ষত শুক্রবাৰে এই সংক্রান্তীয় এখন বিধেয়ক গৃহীত হয়। ২১ সদস্যৰ ষ্টেণ্ডিং কমিটিয়ে বিধেয়কখনত সমর্থন জনাইছে। ইয়াৰ ফলত কুলভূষণ যাদৱৰ গোচৰৰ যিকোনো ৰায় পর্যালোচনা আৰু পুনর্বিবেচনা কৰিব পৰা যাব। আৰু এই আইনক অস্ত্ৰ কৰিয়ে সর্বোচ্চ আদালততো আপিল কৰিব পাৰিব কুলভূষণে। এই খবৰ লাভ কৰাৰ পিছতেই কূলভূষণৰ পিতৃ তথা আৰক্ষীৰ প্রাক্তন সহকাৰী আয়ুক্ত সুধীৰ যাদৱে কয়, ‘মই পুৱাতেই খবৰটো পাইছো। আমি অপেক্ষা কৰিছো। লক্ষ্য ৰাখিছো এইবাৰ কি খবৰ আহে। এইটো সঁচাকৈয়েই ভাল খবৰ। ভগৱানৰ আশীর্বাদ। মই ভাল কিবাৰ বাবে আশা আৰু প্রার্থনা কৰিছো।’
উল্লেখ্য, পাকিস্তানৰ নিম্নকক্ষত গৃহীত হোৱা বিধেয়কখনৰ নাম ‘আন্তর্জাতিক ন্যায় বিচাৰ আদালত (পর্যালোচনা আৰু পুনর্বিবেচনা) আইন’। অৱশ্যে এই আইন গৃহীত হোৱাৰ পিছতেই ইমৰান খান চৰকাৰৰ বিৰোধিতাত মুখৰ হৈছে পাকিস্তানৰ বিৰোধী ৰাজনৈতিক দলবোৰ।
উল্লেখ্য, গুপ্তচৰ বৃত্তিৰ অভিযোগত ২০১৭ চনত কুলভূষণ যাদৱক মৃত্যুদণ্ডৰ শাস্তি দিছিল পাকিস্তানে। তেতিয়াৰ পৰাই দিল্লীয়ে ইয়াৰ বিৰোধিতা কৰি আহিছে। দিল্লীয়ে দাবী জনায় যে কুলভূষণ গুপ্তচৰ নহয়। নৌসেনাৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ইৰানত ব্যক্তিগত ব্যৱসায় চলাইছিল। তাৰ পৰা কোনেবাকৈ অপহৃত হয় আৰু তেওঁক পাকিস্তানলৈ লৈ অহা হয়। পাকিস্তান অৱশ্যে নিজৰ দাবীত অটল আছিল।
ইয়াৰ পিছতেই ভাৰতৰ তৰফৰ পৰা আর্জি জনোৱা হয়, ভাৰতীয় গুপ্তচৰ সন্দেহত ধৃত কূলভূষণ যাদৱক নিজকে নির্দোষী প্রমাণ কৰাৰ বাবে আবেদনৰ সুযোগ দিব লাগিব। শুনানিত ভাৰতৰ পৰা পঠোৱা অধিবক্তাক অংশ লোৱাৰ অনুমতি দিয়াৰো আর্জি জনোৱা হয়। কিন্তু ইমৰান খান চৰকাৰে ইয়াত গুৰুত্ব নিদিয়াত গোচৰ গৈ উঠে আন্তর্জাতিক আদালতত। আন্তর্জাতিক আদালতৰ হেঁচাত এতিয়াও কুলভূষণৰ মৃত্যুদণ্ড কার্যকৰী কৰিব পৰা নাই পাক চৰকাৰে। ২০১৯ চনত আন্তর্জাতিক ন্যায় বিচাৰ আদালতে বিগত বছৰৰ জুলাই মাহত ভাৰতক কনছুলাৰ এক্সেছ দিয়ে আৰু কুলভূষণৰ মৃত্যুদণ্ডৰ ৰায়ক পুনর্বিবেচনা কৰাৰ কথা কয়। আৰু উক্ত আইনৰ ফলতে কুলভূষণ গোচৰত কিছু পিছুৱাই যায় ইছলামাবাদ।