নিউজ ডেস্কঃ
মালদহৰ মালিক চুলতানপুৰ এলেকাত বিএছএফৰ হাতত বৃহস্পতিবাৰে ধৰা পৰে চীনা নাগৰিক হান হান চুনৱেই। দীর্ঘ সময়জোৰা সোধপোছৰ অন্তত শুক্রবাৰে সন্ধ্যা তেওঁক কালিয়াচকৰ গুলাবগঞ্জ আৰক্ষীৰ হাতত গতাই দিয়া হয়। শনিবাৰে মালদহ জিলা আদালতত হাজিৰ কৰোৱাৰ পিছত হানক ১৮ জুন পৰ্যন্ত আৰক্ষীৰ জিম্মাত ৰখাৰ নির্দেশ দিয়ে আদালতে।
উল্লেখ্য, বৃহস্পতিবাৰে ধৰা পৰাৰ পিছত মোহাদিপুৰ বিএছএফ আউটপোষ্টলৈ অনা হৈছিল হানক। তাত যোৱা দুদিন ধৰি পৰ্যায়ক্ৰমে জেৰা কৰাৰ পিছত বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। তেওঁৰ পৰা সন্দেহজনক বহু ইলেকট্রনিক্স বস্তু উদ্ধাৰ হৈছে। বিএছএফে জনোৱা মতে, ভাৰতৰ পৰা সংগ্ৰহ কৰা প্রায় ১ হাজাৰ ৩০০ ছিম কার্ড চীনলৈ সৰবৰাহ কৰিছে হানে। ভুৱা পৰিচয়-পত্রৰে উলিওৱা হৈছিল উক্ত ছিমকাৰ্ডবোৰ। একাউন্ট হেকৰ লগতে বিভিন্ন অর্থনৈতিক প্রতাৰণা কৰিবলৈ উক্ত ছিমবোৰ ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পাৰিছে বিএছএফে।