![]()
নিউজ ডেস্কঃ
আগন্তুক ২০২২ চনৰ গুজৰাট বিধানসভা নির্বাচনত প্রতিখন আসনতেই প্রতিদ্বন্দ্বিতা কৰিব আম আদমি পার্টিয়ে৷ এই কথা জনাইছে দিল্লীৰ মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। তেওঁৰ অভিযোগ, ‘বিগত এটা বছৰত কোভিড অতিমাৰিৰ সময়ত গুজৰাটক অনাথৰ দৰে আচৰণ কৰা হৈছে। অনুভৱ হৈছিল যেন ৰাজ্যখনক চোৱাচিতাৰ বাবে কোনো নাই। আজি কিয় গুজৰাটৰ যুৱপ্ৰজন্ম কর্মহীন? কিয় তেওঁলোকে স্কুল-কলেজত নামভৰ্তি কৰিবলৈ চাপত পৰিছে? ব্যৱসায়ীসকল কিয় আতঙ্কিত আৰু কৃষকসকলে কিয় আত্মহত্যা কৰিছে?’
দিল্লীৰ মুখ্যমন্ত্রীয়ে জনাইছে, তেওঁ আৰু তেওঁৰ দলে এইবাৰ গুজৰাটত পৰিৱর্তন আনিবলৈ আগবাঢ়িছে। গুজৰাটৰ বিজেপি আৰু কংগ্রেছক একেলগে আক্রমণ কৰি তেওঁ কয়, ‘গুজৰাটৰ মানুহে স্বাধীনতাৰ যুঁজত বহু অৱদান আগবঢ়াইছে। দেশৰ সকলোতকৈ ডাঙৰ নেতা ইয়াৰ পৰাই। কেৱল নেতা নহয়, সাধাৰণ মানুহেও স্বাধীনতাৰ বাবে বিস্তৰ ত্যাগ স্বীকাৰ কৰিছে। স্বাধীনতাৰ পিছত দেশ টুকুৰা-টুকুৰ হৈ পৰাত চর্দাৰ পেটেলে সকলোকে সঙ্ঘবদ্ধ কৰিছিল। কিন্তু তাৰ পিছৰ পৰা ৭০ বছৰ ধৰি কংগ্রেছ আৰু বিজেপিয়ে ৰাজ্যখনৰ বাবে একো কৰা নাই।’












