![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অসম কন্যা দেবাংগনা কলিতাৰ অৱশেষত জামিন লাভ। নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে প্ৰতিবাদ কৰি তিহাৰ জেলৰ ৬নং কোঠাত বন্দী হৈ আছিল জেএনইউ ছাত্ৰীগৰাকী।
দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে দেবাংগনা জামিন। ডিব্ৰুগড়ৰ কন্যা জেএনইউ ছাত্ৰী দেবাংগনা। ২০১৯ বৰ্ষতে কা’ আন্দোলন কৰি গ্ৰেপ্তাৰ হৈছিল। পৰৱৰ্তী সময়ত জামিন লাভ কৰিছিল যদিও ২০২০ চনত ২৪ মাৰ্চত দেবাংগনা ওপৰত ভাৰত চৰকাৰ ইউএপিএ আইনৰ ধাৰা জাপি গ্ৰেপ্তাৰ কৰিছিল।
দিল্লী উচ্চ ন্যায়ালয় খণ্ড বিচাৰপীঠ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল, অনুপ জয়ৰাম ভাম্বানী আদালতে মঞ্জুৰ কৰিছে দেবাংগনা জামিন। উল্লেখ অসম কন্যাগৰাকী জামিন দুজন সাক্ষী আৰু ৫০ হাজাৰ টকা বণ্ডত ন্যায়ালয়ে মঞ্জুৰ কৰিছে।
উল্লেখ যে ন্যায়ালয়ে দেবাংগনা লগতে নাতাছা নাৰৱাল, আছিফ ইকবাল টানাহাৰো জামিন মঞ্জুৰ কৰিছে।
আনহাতে জামিন মঞ্জুৰ পিছতে দেবাংগনা মুকলি আকাশৰ তললৈ অহা পথ প্ৰায় নিশ্চিত হৈছে।












