![]()
নিউজ ডেস্কঃ
গালৱান সীমান্তত চীনৰ সৈতে ভাৰতৰ সংঘর্ষৰ এবছৰ অতিক্ৰম কৰিছে। এক সমীক্ষা মতে, উক্ত ঘটনাৰ পিছত এটা বছৰত প্ৰায় ৪৩ শতাংশ ভাৰতীয়ই কোনো ‘মেড ইন চাইনা’ সামগ্ৰ ক্ৰয় কৰা নাই। ‘লোকেল চার্কলচ’ নামৰ পণ্য বিষয়ক এক ছচিয়েল মিডিয়া প্লেটফর্মে এই সমীক্ষা চলাইছিল। মঙ্গলবাৰে উক্ত সমীক্ষাৰ ৰিপোৰ্ট প্রকাশ কৰা হয়।
সমীক্ষা অনুযায়ী, বিগত ১২ মাহত ৩৪ শতাংশ ক্রেতাই এটাৰ পৰা দুটা চীনা পণ্য কিনিছে। তিনিৰ পৰা পাঁচটি পণ্যদ্রব্য কিনিছে মাত্র ৮ শতাংশই। ৪ শতাংশই কিনিছে পাঁচৰ পৰা ১০টী চীনা পণ্য আৰু তিনি শতাংশ ক্রেতাই ১০-১৫টা দ্রব্য ক্রয় কৰিছে৷ ১ শতাংশই জনাইছে যে তেওঁলোকে ১৫-২০টী চীনা সামগ্ৰী কিনিছে আৰু আন ১ শতাংশ তাতকৈ বেছি কিনিছে। ছয় শতাংশই এই বিষয়ত কোনো মন্তব্য কৰিব নিবিচাৰে।
উল্লেখ্য, ভাৰতৰ ২৮১খন জিলাৰ পৰা এই প্রশ্নৰ মুঠ ১৭,৮০০টা প্রতিক্রিয়া লাভ কৰা হৈছে। ইয়াৰ ভিতৰত ৬৭ শতাংশ পুৰুষ আৰু ৩৩ শতাংশ মহিলা।
চীনৰ সৈতে সীমান্তত উত্তেজনা আৰম্ভ হোৱাৰ পিছৰ পৰাই দেশত এক চীনবিৰোধী বতাহ বলে। সেই বতাহে আৰু গতি পায় কেন্দ্রীয় চৰকাৰে চীনা এপ নিষিদ্ধ কৰাত। টিকটক, পাবজিসহ বহু জনপ্রিয় চাইনিজ মোবাইল ফোন এপ বৰ্তমান দেশত নিষিদ্ধ। অৱশ্যে ভিভো, অপো, ৰেডমিৰ দৰে মোবাইল কোম্পানীয়ে এতিয়াও পূৰাদমে ব্যৱসায় কৰি গৈছে।












