![]()
নিউজ ডেস্কঃ
বাংলাদেশ চৰকাৰে সম্প্রতি এক ঐতিহাসিক সিদ্ধান্ত লৈছে। তৃতীয় লিঙ্গৰ ব্যক্তিক চাকৰি দিলে কোম্পানীটোক কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে শ্বেখ হাচিনা চৰকাৰে। এইবাৰ ওড়িশা চৰকাৰেও এক সাহসী পদক্ষেপ গ্ৰহণ কৰিলে। তৃতীয় লিঙ্গৰ ব্যক্তিসকলৰ বাবে মুকলি কৰা হ’ল ওড়িশা আৰক্ষীত চাকৰিৰ সুযোগ। শনিবাৰে প্রকাশ কৰা হৈছে ওড়িশা আৰক্ষীৰ কনিষ্টবল, উপ-পৰিদৰ্শক পদত নিয়োগৰ বিজ্ঞপ্তি। উক্ত বিজ্ঞপ্তিত পুৰুষ, মহিলাৰ লগতে তৃতীয় লিঙ্গৰ ব্যক্তিসকলকো আবেদনৰ আহ্বান জনোৱা হৈছে।
ওড়িশা আৰক্ষী নিযুক্তি বোর্ডৰ পৰা প্রকাশিত বিজ্ঞপ্তিত দেখা গৈছে উপ-পৰিদৰ্শক পদত ৪৭৭ জন আৰু কনিষ্টবল পদত ২৪৪ আসনত নিয়োগ কৰা হ’ব। এই পদবোৰৰ বাবে আবেদন গ্রহণ আৰম্ভ হ’ব ২২ জুনৰ পৰা। চলিব অহা ১৫ জুলাই পর্যন্ত। অৱশ্যে বিশেষভাবে সক্ষম ব্যক্তিসকলে এই পদবোৰৰ বাবে আবেদন কৰিব নোৱাৰিব বুলি বিজ্ঞপ্তিটোত জনোৱা হৈছে।
ৰাজ্যৰ ডিজিপিয়ে জনোৱা মতে, এই প্রথমবাৰৰ বাবে তৃতীয় লিঙ্গৰ ব্যক্তিসকলে উক্ত দুটি পদত আবেদন কৰিব পাৰিব। উল্লেখ্য, ইয়াৰ পূৰ্বে জে’ল কর্মচাৰীৰ কামত তৃতীয় লিঙ্গৰ ব্যক্তি নিয়োগৰ সিদ্ধান্তৰ কথা জনাইছিল ওড়িশা চৰকাৰে।












