![]()
নিউজ ডেস্কঃ
ছেপ্টেম্বৰৰ ভিতৰতেই ভাৰতত নোভাভেক্সৰ কোভিড টীকা ‘কোভোভেক্স’ আহিব বুলি আশা প্ৰকাশ কৰিছে চেৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই। কোম্পানীটোৰ কর্ণধাৰ আদৰ পুনাৱালাই জনাইছে, নোভাভেক্সৰ টীকাৰ ট্রায়েল অন্তিম পৰ্যায়ত। ২০২০ চনৰ ছেপ্টেম্বৰত ‘কোভোভেক্স’ টীকাৰ উৎপাদনৰ বাবে চেৰামৰ সৈতে চুক্তি কৰে নোভাভেক্সে। পুনাৱালাই জনাইছে, ভাৰতত নোভাভেক্সৰ টীকাৰ ট্রায়েল সম্ভৱত নৱেম্বৰৰ ভিতৰতেই শেষ হ’ব। তেওঁ লগতে জনায়, ভাৰতত ট্রায়েল শেষ নহ’লেও বিশ্বৰ অন্য দেশত হোৱা ট্রায়েলৰ তথ্যৰ ভিত্তিতেই টীকাৰ অনুজ্ঞা-পত্ৰৰ বাবে আবেদন কৰিব পাৰিব।
নোভাভেক্সে ১৪ জুনত এক বিবৃতিত জনাইছে যে তেওঁলোকৰ টীকাই গুৰুতৰ আৰু মাৰাত্মক সংক্রমণৰ বিৰুদ্ধে ১০০ শতাংশ সুৰক্ষা দেখুৱাইছে। সামগ্রিকভাবে এই টীকাৰ কার্যকাৰিতা ৯০.৪ শতাংশ। বিবৃতিটোত আৰু উল্লেখ কৰা হৈছিল যে ‘কোভোভেক্স’ টীকাই কোভিডৰ অন্য প্রজাতিৰ বিৰুদ্ধেও ৯৩ শতাংশ কার্যকাৰিতা দেখাইছে।
আদৰ পুনাৱালাই জনাইছে, ভাৰতত নিয়ন্ত্রকৰ অনুমতি-পত্র পালে ছেপ্টেম্বৰৰ ভিতৰতেই এই টীকা পোৱা যাব। তেওঁ লগতে কয় যে জুলাই মাহত শিশুসকলৰ ওপৰত ‘কোভোভেক্স’ৰ ক্লিনিকেল ট্রায়েল আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।












