![]()
নিউজ ডেস্কঃ
কৰোনা, ব্লেক ফাঙ্গাছ বা মিউকৰমাইকোছিছক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে এইবাৰ আতঙ্ক বিয়পিছে ‘গ্রিন ফাঙ্গাছ’ক কেন্দ্ৰ কৰি। মধ্যপ্রদেশৰ ইন্দোৰত কৰোনা আক্রান্ত এজন ব্যক্তি গ্রিন ফাঙ্গাছত আক্রান্ত হৈছে। চিকিৎসাৰ ভাষাত এই ৰোগ ‘এস্পাৰগিলোছিছ সংক্রমণ’ নামেৰে পৰিচিত। মূলত হাওঁফাওঁত আক্ৰমণ কৰে এই সংক্রমণে। দেশত এই প্রথম তথ্যগতভাৱে গ্রিন ফাঙ্গাছত আক্রান্ত ৰোগীৰ সন্ধান পোৱা গ’ল।
গ্রিন ফাঙ্গাছত আক্ৰান্ত ৩৪ বছৰীয়া যুৱকজন সম্প্রতি কৰোনাৰ পৰা সুস্থ হৈ উঠিছিল। প্রায় ২ মাহ পিছত হস্পিটেলৰ পৰা ঘৰলৈ উভতিছিল। কিন্তু তাৰ ১০-১৫ দিনৰ ভিতৰত পুনৰ জ্বৰ উঠে তেওঁৰ। তাৰ লগতে নাকেৰে ৰক্তপাত হৈ থাকে। প্রথমে তেওঁৰ অৱস্থা দেখি ব্লেক ফাঙ্গাছ বুলি সন্দেহ কৰিছিল চিকিৎসকে। কিন্তু পৰীক্ষা কৰি দেখা যায়, যুৱকজন গ্রিন ফাঙ্গাছত আক্রান্ত হৈছে।
ভয়ঙ্কৰভাবে যুৱকজনৰ শৰীৰত গ্রিন ফাঙ্গাছে বাহ বান্ধা বুলি জনাইছে ইন্দোৰৰ শ্রী অৰবিন্দ ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছৰ হাওঁফাওঁ সংক্রমণ বিভাগৰ প্রধান ৰবি ডোছীয়ে। তেওঁ জনোৱা মতে, আক্রান্ত যুৱকজনৰ হাওঁফাওঁ, ছাইনাছ আৰু ৰক্ত বিয়পি পৰিছে সংক্রমণ। অৱশ্যে এই সংক্রমণ ইমান দিনে বিৰল আছিল। সেয়ে এই সন্দৰ্ভত বহু গৱেষণাৰ প্রয়োজন। আক্রান্ত যুৱকজনক মুম্বাইলৈ স্থানান্তৰ কৰা হৈছে।












