![]()
নিউজ ডেস্কঃ
বৃহৎ সাফল্য গ্রেহাউন্ড বাহিনীৰ। বিশাখাপত্তনমত এনকাউন্টাৰত নিহত ৬ জন মাওবাদী। বুধবাৰে পুৱা কোয়ুৰু ব্লকৰ থিগালামেট্টা অৰণ্যত সংঘটিত হয় এই সংঘর্ষ।
বিশেষ সূত্রে খবৰ লাভ কৰি আজি অৰণ্যখনত তালাচী চলাইছিল বাহিনীটোৱে। তেতিয়াই তেওঁলোকক লক্ষ্য কৰি গুলী চলায় মাওবাদীয়ে। প্ৰত্যুত্তৰত গুলী চলায় নিৰাপত্তাৰক্ষীয়েও। গুলীয়াগুলিত নিহত হয় ৬ জন মাওবাদী। বিশাখাপত্তনম আৰক্ষীয়ে দিয়া বিবৃতি অনুসৰি, ঘটনাস্থলীৰ পৰা এটি একে ৪৭ ৰাইফল, স্বয়ংক্রিয় ৰাইফল, কার্বাইন, ৩টা ৩০৩ ৰাইফল, দেশী অস্ত্র উদ্ধাৰ কৰা হৈছে।
আৰক্ষী সূত্ৰ মতে, সংঘৰ্ষৰ মাজতে কেইবাজনো মাওবাদী পলাই যায়। তেওঁলোকৰ মাজত আছে শীর্ষ নেতাও। গভীৰ অৰণ্যৰ মাজত সংঘৰ্ষ হোৱাত আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই। হতাহতৰ সংখ্যা সেয়ে বাঢ়িব পাৰে বুলি সন্দেহ কৰা হৈছে।












