![]()
নিউজ ডেস্কঃ
দিল্লীৰ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষী দ্বাৰস্ত হ’ব উচ্চতম ন্যায়ালয়ৰ। দেৱাংগনা কলিতা আৰু নাটশা নৰোৱালৰ জামিন স্থগিত বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ত দ্বাৰস্ত হ’ব দিল্লী আৰক্ষীৰ।
উল্লেখ্য দিল্লী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দিয়া জামিনৰ ৰায়ত অসন্তুষ্ট দিল্লী আৰক্ষী।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰি বিগত এটা বছৰ তিহাৰ জেলত বন্দী আছিল অসম কন্যা দেবাংগনা কলিতা। জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী ডিব্ৰুগড় জীয়ৰী দেবাংগনা। ইউএপিএ আইনত ৰাষ্ট্ৰ হাতত বন্দী হৈ আছিল দেৱাংগনা।












