![]()
নিউজ ডেস্কঃ
গঙ্গাত উটি আহিছিল এটি কাঠৰ বাকচ। স্থানীয় নাৱৰীয়া গুল্লু চাহুধাৰীয়ে সেইটো দেখা পাই উঠাই আনে। কিন্তু বাকচটো খুলিয়েই তেওঁৰ চকু কপালত উঠে। তেওঁ দেখে, বাকচটোৰ ভিতৰত আছে এটি সদ্যোজাত। ঘটনাটি ঘটিছে উত্তৰ প্রদেশৰ গাজিপুৰৰ দাদৰি ঘাটৰ ওচৰত। গুল্লুৱে জনোৱা মতে, তেওঁৰ অনুভৱ হৈছে যে তেওঁক এই শিশুকন্যাটি উপহাৰ দিছে গঙ্গা মাতৃয়ে। সেয়ে তেওঁ শিশুটিক ডাঙৰ কৰিব বিচাৰে। আনহাতে, শিশুটি যিটো বাকচত আছিল তাত বিভিন্ন দেৱ-দেৱীৰ ছবি লগোৱা আছিল। ইয়াৰ উপৰি শিশুটিৰ ৰাশিফলো ৰখা আছিল।
আৰক্ষীয়ে জনোৱা মতে, শিশুটিক জিলা হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। শিশুটি কাৰ ওচৰত থাকিব, সম্প্ৰতি সেই সম্পর্কে তেওঁলোকে একো কোৱা নাই। শিশুটিৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে আৰু পিতৃ-মাতৃৰ সন্ধান চলিছে।
ইফালে নাৱৰীয়া মাঝিৰ প্রশংসা কৰি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে কয়, চৰকাৰে শিশুটিৰ লালন-পালনৰ ব্যৱস্থা কৰিব। কৃতজ্ঞতা হিচাবে মাঝিয়ে সকলো চৰকাৰী প্রকল্পৰ সুবিধা লাভ কৰিব।












