![]()
নিউজ ডেস্কঃ
আইটি অৰ্থাৎ তথ্য-প্ৰযুক্তি খণ্ডত কর্মৰতসকলৰ বাবে বৃহৎ ভাবুকি হ’বলৈ আগবাঢ়িছে ২০২২ চন। বেঙ্ক অব আমেৰিকাৰ এক ৰিপোর্টত এই তথ্য দাঙি ধৰা হৈছে। ৰিপোর্টটোৰ দাবী, ২০২২ চনত আইটি সংস্থাবোৰে বৃহৎ সংখ্যাত কৰ্মচাৰী ছাটাই কৰিব পাৰে।
বেঙ্ক অব আমেৰিকাৰ ৰিপোর্টত কৈছে, দেশীয় আইটি সংস্থাবোৰে প্রায় ৩০ লাখ কর্মচাৰী ছাটাই কৰিবলৈ আগবাঢ়িছে। এই কৰ্মচাৰী ছাটাইৰ তালিকাত আছে TCS, Infosys, Wipro, HCL, Tech Mahindra-ৰ দৰে বৃহৎ আইটি কোম্পানীবোৰো।
ৰিপোর্টৰ দাবী, এই কৰ্মচাৰী ছাটাইৰ ফলত ১০০ বিলিয়ন ডলাৰ খৰচ ৰাহি হ’ব আইটি কোম্পানীবোৰৰ। এই টকাৰ বেছিভাগেই বর্তমান খৰচ হৈছে কর্মচাৰীসকলৰ বেতনৰ বাবে। উল্লেখ্য, Nasscom-ৰ এটি ৰিপোর্টত কৈছে, ভাৰতত আইটি খণ্ডত ১.৬ কোটি লোকে কাম কৰে। ইয়াৰ ভিতৰত ৯০ লাখ লোকে কম দক্ষতা সেৱা আৰু বিপিওবোৰত কাম কৰে।
বেঙ্ক অব আমেৰিকাৰ ৰিপোর্ট অনুযায়ী, এই ৯০ লাখ কৰ্মচাৰীৰ ৩০ শতাংশ অর্থাৎ ৩০ লাখ লোকে তেওঁলোকৰ চাকৰি হেৰুৱাবলৈ আগবাঢ়িছে। অটোমেচনৰ ফলতেই এই বিপুল সংখ্যক মানুহে কাম হেৰুৱাব পাৰে বুলি জনোৱা হৈছে।
ৰিপোর্ট অনুযায়ী, এই অটোমেচনৰ সকলোতকৈ বেয়া প্রভাব পৰিবলৈ ওলাইছে আমেৰিকাত। দেশখনত ১০ লাখ লোকে কাম হেৰুৱাব পাৰে। ইয়াৰ বিপৰীতে প্রবল অটোমেচন সত্ত্বেও জার্মানীত ২৬ শতাংশ, চীনত ৭ শতাংশ আৰু ভাৰতত ৫ শতাংশ স্কিলড লেবাৰৰ অভাৱ দেখা যাব পাৰে।
ইয়াৰ উপৰি দক্ষিণ কোৰিয়া, ব্রাজিল, থাইলেণ্ড, মালয়েচিয়া আৰু ৰাছিয়াৰ দৰে দেশতো স্কিলড লেবাৰৰ ঘাটি দেখা যাব পাৰে। কিন্তু দক্ষিণ আফ্রিকা, গ্রীচ, ইন্দোনেচিয়া আৰু ফিলিপাইন্সৰ দৰে দেশত স্কিলড লেবাৰৰ কোনো অভাব নহ’ব বুলি জনোৱা হৈছে।












