![]()
নিউজ ডেস্কঃ
তিহাৰ জেলৰ বন্ধ কোঠালিৰ পৰা মুকলি আকাশৰ তললৈ ওলাল দেবাংগনা কলিতা। বৃহস্পতিবাৰে বিয়লি মুকলি আকাশৰ তললৈ ওলাল অসম কন্যা দেৱাংগনা।
মুকলি আকাশৰ তললৈ আহি দেশবাসী লগতে অসমবাসীক ধন্যবাদ জনাই ডিব্ৰুগড়ৰ জীয়ৰী দেৱাংগনাই। অসমবাসীৰ সঁহাৰিক কৃতজ্ঞতা জনাই তেওঁ কয়- জেলৰ ভিতৰত থাকোঁতে জনতাৰ চাপটে সাহসী কৰি তুলিছিল’।
মা-দেউতাৰ চাপোৰ্ট নথকা হটলে জেলত থকাটো সম্ভৱ নহটলহেঁতেন। কেইদিনমান দিল্লীত থাকিব লাগিব। মাৰ হাতৰে মাছৰ টেঙা মিছ কৰিছোঁ। ঘৰত গৈ মাছ টেঙা খাব লাগিব।
কা’ আন্দোলন শেষ হৈ যাব দিব নালাগে। আমাৰ দৰে অখিল গগৈকো ন্যায়ালয়ে জামিন প্ৰদান কৰিব বুলি আশাবাদী অসম কন্যাগৰাকী। উল্লেখ বিগত এটা বছৰ ধৰি কাৰাবন্দী হৈ আছিল ছাত্ৰীগৰাকী।












