![]()
নিউজ ডেস্কঃ
আত্মহত্যাৰ চেষ্টা ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্রসাদৰ। বর্তমান তেওঁ দিল্লীৰ চফদাৰজং হস্পিটেলত ভৰ্ত। পত্নী বাদামী দেৱীয়ে জনোৱা মতে, আর্থিক অনাটনৰ কাৰণে বৃহস্পতিবাৰে নিশা টোপনি অহা ঔষধ খাই আত্মহত্যাৰ চেষ্টা কৰে ৮০ বছৰীয়া কান্তা প্ৰসাদে। মালব্য নগৰৰ বাসিন্দা বৃদ্ধজনে যোৱা নিশা মদ্যপান কৰাৰ পিছত টোপনিৰ ঔষধ খোৱা বুলি প্ৰকাশ।
উল্লেখ্য, ইউটিউবাৰ গৌৰৱ ৱাছনে ‘বাবা কা ধাবা’ক লৈ এটি ভিডিও নিৰ্মাণৰ পিছতে নিশাৰ ভিতৰতে জনপ্রিয়তা লাভ কৰে বৃদ্ধজনে। তাৰ পিছতেই তেওঁৰ ধাবাৰ বিক্ৰী হঠাৎ বাঢ়ি যায়। আনকি, এখন ৰেস্তোৰাঁও খোলা হয় তেওঁৰ নামত। কিন্তু গৌৰৱৰ নাম ধন হৰলুকি আৰু প্রতাৰণাৰ অভিযোগ আনে কান্তা প্রসাদে। তাৰ পিছতেই ক্ষোভৰ সৃষ্টি হয় নেটিজেনসকলৰ মাজত কান্তাৰ বিৰুদ্ধে। লকডাউনত তেওঁৰ বিক্ৰী একেবাৰেই কমি যায়। আনকি নতুন ৰেস্তোৰাঁখনো বন্ধ হৈ যায়। অৱশ্যে ৰেষ্টুৰেণ্টখন বন্ধ হোৱাৰ পিছত গৌৰৱৰ বিৰুদ্ধে অভিযোগ আনি তেওঁ ভুল কৰা বুলি কান্তা প্ৰসাদে ক্ষমাও বিচাৰে। অৱশ্যে কান্তা প্ৰসাদ বৰ্তমান বিপদমুক্ত বুলি জনাইছে হস্পিটেল সূত্রই।












