![]()
নিউজ ডেস্কঃ
সুদীর্ঘ এটা বছৰ জে’লত থকাৰ পিছত দিল্লী হাইকোর্টৰ ৰায়ত মঙ্গলবাৰে জামিন লাভ কৰে নাতাশা নাৰৱাল, দেবাঙ্গনা কালিতা আৰু আচিফ ইকবাল তানহাই। কিন্তু উক্ত জামিনৰ বিৰোধিতা কৰি শীর্ষ আদালতত আবেদন কৰে দিল্লী আৰক্ষীয়ে। শুক্রবাৰে উক্ত আবেদনৰ ভিত্তিতেই ছুপ্রিম কোৰ্টে জামিন বাতিলৰ আবেদন নাকচ কৰে। অর্থাৎ দিল্লী হিংসাত জড়িতৰ সন্দেহত গ্রেপ্তাৰ হোৱা ৩ আন্দোলনকাৰীৰ জামিনৰ আবেদন বাহাল ৰাখিলে শীর্ষ আদালতে।
অৱশ্যে ছিপ্রিম কোৰ্টে কৈছে, এই সিদ্ধান্তৰ প্রভাৱ সমগ্ৰ দেশত পৰিব। লগতে আদালতে এইটোও জনাই দিছে যে ইউএপিএৰ দৰে সন্ত্রাসবাদ বিৰোধী কঠোৰ আইনত অভিযুক্তসকলক জামিন দিয়াৰ এই সিদ্ধান্ত ভবিষ্যতে কোনো গোচৰৰ ক্ষেত্রত উদাহৰণ হিচাবে দাঙি ধৰিব নোৱাৰিব।
আনকি অহা মাহত শীর্ষ আদালতে দিল্লী হাইকোর্টৰ সিদ্ধান্তৰ সকলো আইনী দিশ বিচাৰ কৰি চাব। শীর্ষ আদালতৰ বক্তব্য, ‘যিহেতু এই ঘটনাৰ সমগ্ৰ দেশত প্রভাৱ পৰাৰ এক সম্ভাৱনা সৃষ্টি হৈছে, সেয়ে আদালতে সম্পূৰ্ণ বিষয়টি শুনিব আৰু দেশৰ সাধাৰণ মানুহক আইনৰ বিভিন্ন দিশ স্পষ্ট কৰি দিব বিচাৰিব।’ সম্প্ৰতি ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত তেওঁলোকৰ জামিন মঞ্জুৰ হৈছে।












