![]()
নিউজ ডেস্কঃ
কৰোনাৰ দ্বিতীয় ঢৌৱে এটা সময়ত দেশত ভয়াৱহ আকাৰ ধাৰণ কৰিছিল। বৰ্তমান সংক্রমণ বহুখিনি নিম্নমুখী। কিন্তু বছৰটোৰ শেষতেই আহিব পাৰে তৃতীয় ঢৌ। আৰু সেই ঢৌ প্ৰতিৰোধৰ প্রস্তুতি আৰম্ভ হৈছে এতিয়াৰ পৰাই। প্রায় ১ লাখ কোভিড যোদ্ধাক এই যুঁজৰ বাবে প্রস্তুত কৰাৰ মহা অভিযানৰ সূচনা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয়, দেশৰ ২৬খন ৰাজ্যৰ ১১১টা প্রশিক্ষণ কেন্দ্রত কোভিড যোদ্ধাসকলক প্ৰস্তুত কৰা হ’ব। ভার্চুৱেলী এই উদ্যোগৰ উদ্বোধন কৰে মোদীয়ে। লগতে কয়, ‘কোভিড–১৯ এতিয়াও যোৱা নাই। তাৰ ৰূপ সলনি কৰাৰ সকলো সম্ভাৱনা আছে। আৰে সেয়ে নতুন প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ প্ৰস্তুত থকা প্ৰয়োজন। আমি দেশত ১ লাখ সন্মুখৰ শাৰীৰ কর্মীক প্ৰস্তুত কৰাৰ লক্ষ্যত আগবাঢ়িছো।’
২-৩ মাহৰ ভিতৰত এই নতুন কোভিড যোদ্ধাসকলৰ প্রশিক্ষণ দিয়াৰ ‘ক্ৰেছ ক’ৰ্ছ’ সম্পূর্ণ কৰা হ’ব বুলিও জনাইছে মোদীয়ে। তাৰ পিছৰ পৰাই এই কর্মীসকলে ‘প্রশিক্ষণপ্রাপ্ত সহায়ক’ হিচাবে দেশৰ কৰোনা পৰিস্থিতিৰ সৈতে যুঁজিব। দেশৰ শীর্ষস্থানীয় বিশেষজ্ঞসকলৰ পৰামর্শ মানিয়েই ৰাজ্যবোৰৰ চাহিদা অনুযায়ী এই ক্ৰেছ ক’ৰ্ছৰ পৰিকল্পনা কৰা হৈছে। মোদীৰ আশা, ইয়াৰ ফলত দেশৰ যুৱ সমাজৰ বাবে নতুন কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।
উল্লেখ্য কেন্দ্রৰ ‘প্রধানমন্ত্রী কৌশল বিকাশ যোজনা ৩.০’–ৰ অধীনত এই পাঠ্যক্ৰমৰ বাবদ কেন্দ্রৰ খৰচ হ’ব প্রায় ২৭৬ কোটি টকা।












