![]()
নিউজ ডেস্কঃ
গ্রহণযোগ্যতাৰ তালিকাত জো বাইডেন, বৰিছ জনছন আদিতকৈ আগুৱাই থাকিলেও সামগ্রিক হিচাবত গ্রহণযোগ্যতা কমিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিগত দুটা বছৰত মোদীৰ গ্রহণযোগ্যতা সূচক বহুখিনি অৱনমিত হোৱা বুলি দাবী কৰিলে আমেৰিকান সংস্থা ‘মর্নিং কনছাল্ট’-এ। সম্প্রতি চলোৱা এটি সমীক্ষা সংস্থাটোৱে জনাইছে, চলিত বছৰৰ জুন মাহ পর্যন্ত ভাৰতৰ প্রধানমন্ত্রীৰ গ্রহণযোগ্যতা সূচক ৬৬ শতাংশ। বিগত ২০১৯ চনত জম্মু–কাশ্মীৰক বিশেষ মর্যাদা প্রদানকাৰী অনুচ্ছেদ ৩৭০ উঠাই লোৱাৰ পিছত মোদীৰ গ্রহণযোগ্যতা সূচক স্পৰ্শ কৰিছিল ৮২ শতাংশ।
উক্ত সমীক্ষাত মোদীৰ ঠিক তলতেই আছে ইটালিৰ প্রধানমন্ত্রী মাৰিঅ’ দ্রাঘি। প্রাপ্তবয়স্কসকলৰ মাজত তেওঁৰ গ্রহণযোগ্যতা সূচক ৬৫ শতাংশ। তেওঁৰ পিছতেই আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্রেজ মেনুৱেল লোপেজ ওব্রাডৰ (৬৩ শতাংশ), অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন (৫৪ শতাংশ), জার্মানীৰ চেন্সেলৰ এঞ্জেলা মার্কেল (৫৩ শতাংশ)। ছয় নম্বৰ স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন (৫৩ শতাংশ) আৰু আঠ নম্বৰত আছে ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছন (৪৪ শতাংশ)।
আনহাতে, ভাৰতত সংস্থাটোৱে ২,১২৬ জনৰ ওপৰত চলোৱা সমীক্ষাত দেখা গৈছে যে ৬৬ শতাংশ প্রাপ্তবয়স্কই মোদীকেই প্রধানমন্ত্রী পদত চাবলৈ বিচাৰে। তেওঁৰ বিৰোধিতা কৰিছে ২৮ শতাংশই। ‘মর্নিং কনছাল্ট’ৰ সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে আমেৰিকা, ব্রিটেইন, ৰাছিয়া, অষ্ট্ৰেলিয়া, কানাডা, ব্রাজিল, ফ্রান্স, জার্মানীৰ দৰে দেশৰ ৰাষ্ট্রনেতাসকলক পিছ পেলাইছে ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়ে।












