![]()
নিউজ ডেস্কঃ
চিইঅ’ৰ পৰা মাইক্র’ছফ্টৰ চেয়াৰমেন পদলৈ আহিল সত্য নাদেল্লা। বুধবাৰে মাইক্র’ছফ্ট কর্পৰ তৰফৰ পৰা এক বিবৃতি দি এই কথা জনোৱা হৈছে। জন থমছনৰ স্থানত চেয়াৰমেন পদত অধিষ্ঠিত হৈছে নাদেল্লা।
কোম্পানীটোৱে জনোৱা মতে, থমছনে এতিয়াৰ পৰা ‘লিড ইণ্ডিপেণ্ডেণ্ট ডিৰেক্টৰ’ হিচাবে কাম কৰিব। ২০১৪ চনত ষ্টিভ বালমেৰৰ স্থানত চিইঅ’ হিচাবে যোগ দিয়াৰ পিছত কোম্পানীটোক উন্নতিৰ ৰাস্তা দেখুৱাই গৈছে নাদেল্লাই। লিঙ্কেডিন, নুৱান্স কমিউনিকেচন আৰু জেনিমেক্সৰ দৰে বৃহৎ কোম্পানীক অধিগ্রহণ কৰিছে মাইক্র’ছফ্টে।
শীর্ষ পদত এই সলনি আহিল মাইক্র’ছফ্টৰ কর্ণধাৰ বিল গেটছে চেয়াৰমেন পদ এৰি দিয়াৰ এবছৰ পিছত। গেটছে জনাইছিল, তেওঁ বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ হৈ সমাজসেৱাৰ কামত মনোযোগ দিব বিচাৰে। এই সংস্থাটো এই মুহূর্তত বিশ্বৰ অন্যতম বৃহৎ স্বেচ্ছাসেৱী সংগঠন হিচাবে পৰিচিত।












