![]()
নিউজ ডেস্কঃ
দেশত কৰোনাৰ তৃতীয় ঢৌ আহিব পাৰে অক্টোবৰতেই। অৱশ্যে দ্বিতীয় ঢৌৰ দৰে সিমান এটা ভয়ঙ্কৰ নহ’ব এইবাৰৰ কৰোনা পৰিস্থিতি। সংক্রমণ বহুখিনি নিয়ন্ত্রণতে থাকিব। এই তৃতীয় ঢৌ সন্দৰ্ভত সমীক্ষা চলাইছিল ৰয়টাৰ্ছে। ৪০ জন বিশেষজ্ঞই মতামত দিয়া উক্ত সমীক্ষাতেই প্ৰকাশ পাইছে এই তথ্য।
৩ৰ পৰা ১৭ জুনত চলোৱা হয় এই সমীক্ষা। উক্ত সমীক্ষাত মতামত আগবঢ়ায় বিশ্বৰ বিখ্যাত চিকিৎসক, বিজ্ঞানী, ভাইৰোলজিষ্ট, এপিডেমিওলজিষ্ট, অধ্যাপকে। এই দলটোৰ ২১ৰ পৰা ২৪ জন অর্থাৎ ৮৫ শতাংশ বিশেষজ্ঞই ভাবে, অক্টোবৰতেই ভাৰতত আঘাত হানিব কৰোনাৰ তৃতীয় ঢৌৱে। তিনিজনৰ মতে আগষ্টতেই আহিব কৰোনাৰ তৃতীয় ঢৌ। ১২ জনৰ মতে ছেপ্টেম্বৰত আহিব।
আনহাতে, ৭০ শতাংশই ভাবে যে দ্বিতীয় ঢৌৰ তুলনাত এইবাৰৰ পৰিস্থিতি বহুখিনি নিয়ন্ত্রণত থাকিব। এইমছ প্রধান ডাঃ ৰণদীপ গুলেৰিয়াৰ মতে, তৃতীয় ঢৌত সংক্রমণ নিয়ন্ত্রণত থাকিব। তাৰ কাৰণ হ’ল সিমান দিনলৈ বহু মানুহে টীকা লাভ কৰিব। আৰু দ্বিতীয় ঢৌৰ কাৰণে মানুহৰ এক স্বাভাবিক প্রতিৰোধ ক্ষমতা গঢ়ি উঠিব।
৪০ জন বিশেষজ্ঞৰ ভিতৰত ২৬ জনেই ভাবে যে তৃতীয় ঢৌত শিশু আৰু কিশোৰ–কিশোৰীসকলৰ মাজত সংক্রমণ বাঢ়িব। নেচনেল ইনষ্টিটিউট্ অব মেণ্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সেছৰ এপিডেমিওলজি বিভাগৰ প্রধান ডাঃ প্রদীপ বানানদুৰ মতে, দেশত এতিয়াও শিশুসকলৰ টীকাকৰণ আৰম্ভ হোৱা নাই। সেইটোৱে কাৰণ এই বয়সৰ সংক্ৰমণ বৃদ্ধি হ’ব বুলি ভবাৰ।
অৱশ্যে ১৪ জন বিশেষজ্ঞই ভাবে যে শিশুসকলৰ তেনে কোনো ভয় নাই। ইফালে ৩০ জন বিশেষজ্ঞৰ মতে, কৰোনা ভাইৰাছে আৰু প্ৰায় এবছৰ ভাৰতবাসীক ভোগাব। তেওঁলোকৰ মাজৰ ২ জনৰ মতে, এই কৰোনা কেতিয়াও বিলুপ্ত নহ’ব।












