![]()
নিউজ ডেস্কঃ
আমৰ বাগান পহৰা দিবলৈ ছয়টা কুকুৰ আৰু চাৰিজন নিৰাপত্তাৰক্ষী। হয়, যি পঢ়িছে সেয়াই সত্য। কোনো কাহিনী নহয়, এক বিশেষ ধৰণৰ আম গছ পহৰা দিবৰ বাবেই মোতায়ন কৰা হ’ল নিৰাপত্তাৰক্ষী। মধ্যপ্রদেশৰ এহাল দম্পতি ৰাণী আৰু সংকল্পই কেইবছৰমান আগতে দুটি আমৰ পুলি লগাইছিল। ভাবিছিল মধ্যপ্রদেশৰ জব্বলপুৰত তেওঁলোকৰ বাগানত অন্যান্য আৰু পাঁচডাল গছৰ দৰেই তেওঁলোকৰ এই গছেও ডাঙৰ হৈ ফল দিব। কিন্তু আশ্চর্যকৰভাবে সেই আম হ’ল ‘মিয়াজাকি’ প্ৰজাতিৰ।
‘মিয়াজাকি’ আম হ’ল ৰঙা ৰঙৰ। ইয়াক জাপানী আম বুলি জনা যায়। ‘সূর্য কণী’ও বোলা হয় ইয়াক। এই দম্পতিটোৱেই কেৱল নহয়, বেছিভাগ মানুহেই এনে ধৰণৰ ৰঙা আম জীৱনত কোনোদিনে দেখা নাই।
কিন্তু এই আম কিয় বেলেগ? জানিবলৈ অনুসন্ধান আৰম্ভ কৰে দম্পতিটোৱে। আৰু অনুসন্ধানৰ পিছতেই চকু কপালত উঠে। এই বিৰল আমৰ আন্তর্জাতিক বজাৰ মূল্য বহুত। প্রতি কিলোগ্রাম আমৰ মূল্য ২ লাখ ৭০ হাজাৰ টকা। যোৱা বছৰ এই দামতেই বিক্ৰী হৈছে এই আম।
এই খবৰ প্রকাশ হোৱাৰ লগে লগেই আম চুৰি কৰিবলৈ নামি পৰে চোৰৰ দল। এই মূল্যৱান আমবোৰ ৰক্ষা কৰিবলৈ নিৰাপত্তাৰ বন্দোবস্ত কৰে তেওঁলোকে। মোতায়েন কৰা হৈছে ৬টা চিকাৰী কুকুৰ আৰু ৪ জন নিৰাপত্তাৰক্ষী। দম্পতিহালে নিজেও নজৰ ৰাখে এই আমগছ কেইডালত। সন্তানৰ দৰে লালন-পালন কৰি যত্ন লৈছে দুয়োৱে। মৰমতে নিজৰ জীয়ৰীৰ নামত নামকৰণ কৰে দামিনী। সংকল্প পৰিহাৰে কয়, ইয়াৰ প্ৰকৃত নাম আমি জানিব পাৰিলেও বৰ্তমান আমাৰ বাবে ই দামিনী। ৰাণী পৰিহাৰে কয়, এজন ব্যৱসায়ীয়ে আমাক এটি আমৰ বাবে ২১ হাজাৰ টকা অফাৰ কৰিছে। এজনে আকৌ যিমান ইচ্ছা দাম দিবলৈ প্রস্তুত।
এই বিষয়ত মধ্যপ্রদেশৰ উদ্যানতত্ত্ব বিভাগৰ সঞ্চালক জিএছ কৌশলে কয়, ‘এই জাপানী আম আলোচিত হোৱাৰ কাৰণ কেৱল ইয়াৰ দাম। তথাপি এই ফলত কি গুণাগুণ আছে সেয়া আমি অনুসন্ধান কৰাৰ বাবে বৈজ্ঞানিকসকলক কৈছো আৰু ই প্রাকৃতিক উপায়ত হোৱা নে হাইব্রিড আৰু কিয় ইমান দাম তাক জনাবৰ বাবে। সাধাৰণ মানুহে এই গছ ৰোপণ কৰা উচিত বৈজ্ঞানিকসকলৰ অনুমতিৰ পিছতহে।’ অৱশ্যে ই সোৱাদত অতুলনীয় বুলি জানিব পৰা গৈছে।












