![]()
নিউজ ডেস্কঃ
ব্যৱসায়িক আৰু আবাসিক ৰিয়েল ইষ্টেট সম্পত্তি বিক্ৰী কৰিবলৈ আগবাঢ়িছে এয়াৰ ইণ্ডিয়া। এই সম্পত্তি বিক্ৰী কৰি ২০০-৩০০ কোটি টকা উপাৰ্জন কৰিব বিচাৰিছে বিমান সংস্থাটোৱে। ইয়াৰ বাবে ইতিমধ্যে অনলাইন নিলাম সংস্থাৰ জৰিয়তে দেশজুৰি ফ্লেট আৰু মাটি বিক্ৰীৰ বিজ্ঞাপন দিছে।
মুম্বাইৰ এটি আবাসিক ফ্লেট আৰু প্লট, দিল্লীৰ পাঁচটা ফ্লেট, বেঙ্গালুৰুৰ এটি আবাসিক প্লট আৰু কলকাতাৰ চাৰিটা ফ্লেট বিক্ৰী কৰা হ’ব বুলি জনোৱা হৈছে। ইয়াৰ উপৰি ঔৰঙ্গাবাদৰ এটি বুকিং অফিচ আৰু ষ্টাফ কোৱার্টাৰ, ভুজত ৰেচিডেন্সিয়েল প্লটসহ এটি এয়াৰলাইন হাউছ, নাচিকৰ ছয়টা ফ্লেট, নাগপুৰৰ এটি বুকিং অফিচ, তিৰুবনন্তপুৰমৰ এটি প্লট আৰু মাঙ্গালোৰৰ দুটি ফ্লেট বিক্ৰী কৰা হ’ব বুলি জাননী দিয়া হৈছে।
বিমান সংস্থাটিৰ এজন বিষয়াৰ মতে, এই সম্পত্তিবোৰ নিলাম কৰি প্ৰায় ২০০-৩০০ কোটি টকা পাব বুলি আশা কৰা হৈছে। নিলাম আৰম্ভ হ’ব ৮ জুলাইত আৰু শেষ হ’ব ৯ জুলাইত।












